নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত বলোৱা কুমাৰীকাটা ছুইটাপাৰাৰ হীৰা চুবুৰীয়ে জীয়াই ৰাখিছে পূৰ্ব্বাপৰ পৰম্পৰা। বলোৱা কুমাৰীকাটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত এই সৰু চুবুৰীটোত মাত্ৰ ১৫ ঘৰ লোকে বাস কৰে। কিন্তু এই ১৫ ঘৰ মানুহেই বছৰৰ পিছত বছৰ ধৰি জীয়াই ৰাখিছে অসমৰ হেৰাই যাব ধৰা মৃৎ শিল্পৰ লোকসংস্কৃতি। সমাগত দেৱালী আৰু কালী পূজাক লৈ হীৰা চুবুৰীত এতিয়া সীমাহীন ব্যস্ততা।
কিশোৰীৰ পৰা মহিলা, আবাল-বৃদ্ধ সকলোৱেই লাগি গৈছে নিজৰ নিজৰ কামত। সকলোৱে লগে ভাগে নিৰ্মাণ কৰিছে মাটিৰ চাকি, মাটিৰ কলহ, চৰুকে ধৰি বিভিন্ন সা-সামগ্ৰী। প্লাষ্টিক আৰু চীনা সামগ্ৰীৰে ভৰি পৰা বজাৰত মাটিৰ বাচনে ক্ৰমান্বয়ে হেৰুৱাইছে আদৰ। তথাপিও যেন হাৰ মনা নাই এই শিল্পীসকলে। নিজৰ হাতেৰে মাটিৰে জীৱন গঢ়া এই পৰিয়ালসমূহে অসমীয়া সংস্কৃতিৰ চাকি জ্বলাই ৰাখিছে। কিন্তু পৰ্যাপ্ত চৰকাৰী সহায় আৰু বজাৰৰ অভাৱত তেওঁলোকৰ জীৱন সংগ্ৰাম কঠিন হৈ পৰিছে। দীপাৱলীত সকলোৱে যদিহে মাটিৰ চাকি ব্যৱহাৰ কৰে,তেন্তে এই ১৫ টা পৰিয়ালৰ ঘৰতো যেন আশাৰ পোহৰ জ্বলিব।

