উদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰদূষণক লৈ সৰৱ যোৰাবাট শাখা ছাত্ৰ সন্থা

ডিমৰীয়াৰ অসম–মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাট আৰু তামুলিকুচি অঞ্চলত উদ্যোগিক প্ৰতিষ্ঠানৰ পৰা সৃষ্টি হোৱা প্ৰদূষণক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। চুৰিয়া গল্ড, বিভিন্ন চিমেণ্ট কাৰখানা তথা অন্যান্য উদ্যোগৰ পৰা নিৰ্গত ধূলি-ধোঁৱা আৰু ক্ষতিকাৰক পদাৰ্থই অঞ্চলটোৰ পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন হৈছে। প্ৰদূষণ নিয়ন্ত্ৰণৰ দাবীত এইবাৰ সৰৱ হৈ পৰিছে যোৰাবাট শাখা ছাত্ৰ সন্থা।

উদ্যোগিক প্ৰতিষ্ঠানসমূহৰ পৰা নিৰ্গত হোৱা ধূলি-ধোঁৱা আৰু অন্যান্য ক্ষতিকাৰক পদাৰ্থই বায়ু, পানী তথা সামগ্ৰিক পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ অভিযোগ উত্থাপন কৰি আজি ডিমৰীয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় যোৰাবাট শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল।

প্ৰদূষণ ৰোধৰ বাবে বিজ্ঞানসন্মত আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰদূষণ সৃষ্টি কৰা উদ্যোগিক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কাৰ্যকৰী আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে সমজিলা আয়ুক্ত কণকণ শৰ্মাৰ হাতত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে সংগঠনটোৱে।

অঞ্চলটোৰ জনস্বাস্থ্য আৰু প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰশাসন তথা সংশ্লিষ্ট বিভাগক বিষয়টো গুৰুত্বসহকাৰে লৈ শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ছাত্ৰ সন্থাই।

Related Articles