প্ৰথম বাহিনী এছ এছ বিত সতৰ্কতা সজাগতা সপ্তাহ-২০২৬ উপলক্ষে সজাগতা কাৰ্যসূচীৰ আয়োজন

আজি সুনীল কৌশিক, কমাণ্ডেণ্ট, প্ৰথম বাহিনী, সশস্ত্ৰ সীমা বল, সোণাপুৰৰ সুদক্ষ নিৰ্দেশনাত প্ৰথম বাহিনীৰ ‘ই’, ‘এফ’ আৰু ‘জি’ সমূহ তথা বাহিনী মুখ্য কাৰ্যালয়ত সতৰ্কতা সজাগতা সপ্তাহ-২০২৬ উপলক্ষে বিভিন্ন সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়।

এই উপলক্ষে সতৰ্কতা সজাগতা সপ্তাহ-২০২৬ৰ বিষয়বস্তু “সততাৰ জৰিয়তে সমৃদ্ধি (Probity for Prosperity)”ৰ ওপৰত আধাৰিত কৰি এক ৰোড শ্ব’ ৰেলীৰ আয়োজন কৰা হয়। ৰেলীৰ সময়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পোষ্টাৰ আৰু প্ৰচাৰ পত্ৰিকা প্ৰদৰ্শন তথা বিতৰণ কৰা হয়। ইয়াৰ উপৰি, গুৰুত্বপূৰ্ণ স্থানসমূহত সজাগতামূলক বেনাৰ আৰু পোষ্টাৰ প্ৰদৰ্শন কৰা হয়।

তদুপৰি, বাহিনী আৰু সমূহৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তেও সতৰ্কতা সজাগতা সম্পৰ্কীয় বাৰ্তা প্ৰচাৰ কৰা হয়, যাতে সাধাৰণ জনসাধাৰণৰ মাজত সততা, স্বচ্ছতা আৰু দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ বিষয়ে সজাগতা বৃদ্ধি কৰিব পৰা যায়।

Related Articles