প্ৰথমে পাঁচগৰাকীক গুলীয়াই হত্যা, তাৰ পিছতে পত্নীক নিৰাপদ স্থানলৈ পঠিয়াইছিল ঘনকান্তই! আৰক্ষীৰ জেৰাত বাৰে বাৰে একেটাই ভাষ্য

প্ৰথমে পাঁচগৰাকীক গুলীয়াই হত্যা, তাৰ পিছতে পত্নীক নিৰাপদ স্থানলৈ পঠিয়াইছিল ঘনকান্তই! আৰক্ষীৰ জেৰাত বাৰে বাৰে একেটাই ভাষ্য

হোটেল বিলাস ইন হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ মাজতে পোহৰলৈ আহিছে অভিযুক্ত ঘনকান্ত গগৈৰ সন্দৰ্ভত আন একাধিক বিস্ফোৰক তথ্য। পাঁচগৰাকীকৈ লোকক গুলীয়াই হত্যা কৰাৰ পাছত পত্নীক নিৰাপদ স্থানলৈ পঠিয়াই নিজেও সুৰক্ষিত হোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ঘনকান্ত গগৈৰ বিৰুদ্ধে।

আৰক্ষীৰ জেৰাত বাৰে বাৰে আত্মৰক্ষাৰ স্বাৰ্থতে গুলীচালনা কৰিবলগীয়া হৈছিল বুলি দাবী কৰি আহিছে অভিযুক্ত ঘনকান্তই। আনকি আদালতো অধিবক্তাৰ জৰিয়তে নিজৰ পক্ষ সমৰ্থন কৰাৰ চেষ্টা চলাইছে তেওঁ। সোমবাৰে পল্টন বজাৰ থানাত কটোৱা নিশাটোৱেই আছিল ঘনকান্ত গগৈৰ অন্তিমটো নিশা।

আজি অৰ্থাৎ মঙলবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব অভিযুক্তগৰাকীক। তদন্তৰ স্বাৰ্থত পল্টন বজাৰ আৰক্ষী আৰু বিশেষ তদন্তকাৰী দল (SIT)-এ পুনৰ তেওঁৰ জিম্মা বিচৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, হোটেল বিলাস ইন হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা পূৰ্বৰ SITৰ পৰা তিনিগৰাকী শীৰ্ষ আৰক্ষী বিষয়াক আঁতৰাই পঠিওৱাৰ পাছতে সোমবাৰে গুৱাহাটী আৰক্ষীৰ মধ্য মণ্ডলৰ DCP হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে মৃণাল ডেকাই। দায়িত্ব গ্ৰহণৰ পাছতে হত্যাকাণ্ডৰ বিভিন্ন দিশৰ তদন্তত বিশেষ গুৰুত্ব আৰোপ কৰে নতুন DCPগৰাকীয়ে।

কেনেকৈ আৰু কি পৰিস্থিতিত ভৰালী পৰিয়ালৰ চাৰিগৰাকী সদস্যৰ লগতে নাৰায়ণ দাসক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল ঘনকান্ত গগৈয়ে, সেই সন্দৰ্ভত চলিছে বিস্তৃত জেৰা। ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ আৰু হত্যাকাণ্ড সংঘটিত কৰাৰ পূৰ্বে তথা পৰৱৰ্তী সময়ত অভিযুক্তৰ ভূমিকা সম্পৰ্কেও তদন্ত অব্যাহত আছে।

ইফালে, অভিযুক্ত ঘনকান্তই বাৰে বাৰে আত্মৰক্ষাৰ যুক্তি দাঙি ধৰিলেও সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা CCTV ফুটেজে তেওঁৰ ভাষ্যক লৈ নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে। ভাইৰেল ভিডিঅ’টোত ম’বাইলৰ দোকানত ভূদেৱ ভৰালীৰ গাড়ীচালক সত্যেন্দ্ৰ পাঠকক খেদি গৈ গুলীয়াই থৈ যোৱা দৃশ্য বন্দী হোৱা বুলি দাবী কৰা হৈছে।

এই দৃশ্যই অভিযুক্তৰ আত্মৰক্ষাৰ দাবীৰ সত্যতাক লৈ যথেষ্ট সন্দেহৰ সৃষ্টি কৰিছে। অৱশ্যে CCTV ফুটেজ, সাক্ষ্য-প্ৰমাণ আৰু তদন্তৰ প্ৰতিটো দিশ পৰীক্ষা কৰাৰ পাছতহে হত্যাকাণ্ডৰ সম্পূৰ্ণ সত্য পোহৰলৈ আহিব।

পাঁচগৰাকীকৈ লোকৰ প্ৰাণহানি হোৱা এই নৃশংস হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিবলৈ এতিয়া আৰক্ষীৰ তদন্তৰ দিশে সকলোৱে দৃষ্টি ৰাখিছে।

Related Articles