সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৩২টা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা; ৩০ নৱেম্বৰত ভোটগ্ৰহণ

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ২০২৬ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি পৰিষদখনৰ ৩২টা সমষ্টিত অহা ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
নিৰ্বাচনী সময়সূচী অনুসৰি, ৩ নৱেম্বৰত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হৈছে। মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন ১০ নৱেম্বৰ। ১২ নৱেম্বৰত মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰাৰ লগতে বৈধভাৱে মনোনীত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন ১৬ নৱেম্বৰ আৰু একেদিনাই প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব। ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে প্ৰয়োজন সাপেক্ষে ১ ডিচেম্বৰত পুনৰ ভোটগ্ৰহণ কৰা হ’ব। ৩ ডিচেম্বৰত ভোটগণনা আৰু নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব। নিৰ্বাচন সম্পূৰ্ণ কৰাৰ অন্তিম দিন ধাৰ্য কৰা হৈছে ৫ ডিচেম্বৰ।


মনোনয়ন-পত্ৰ ৰাজহুৱা বন্ধৰ দিনৰ বাহিৰে আন সকলো কৰ্মদিনত পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ গ্ৰহণ কৰা হ’ব। ভোটগ্ৰহণৰ সময় পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। পুনৰ ভোটগ্ৰহণৰ ক্ষেত্ৰতো একে সময়সূচী প্ৰযোজ্য হ’ব। ভোটগণনাৰ দিনা পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব আৰু গণনা সম্পূৰ্ণ নোহোৱালৈকে অব্যাহত থাকিব।
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ১,৬৩,৯৬৬ গৰাকী। ইয়াৰে ৭৯,২৯৫ গৰাকী পুৰুষ, ৮৪,৬৬৭ গৰাকী মহিলা আৰু চাৰি গৰাকী অনন্য ভোটাৰ। পৰিষদখনৰ ৩২টা সমষ্টিৰ বিপৰীতে মুঠ ৩৩৭টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনলৈকে অব্যাহত থাকিব।
সমষ্টিসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত ২৫টা অনুসূচিত জনজাতিৰ বাবে, ছটা মহিলাৰ বাবে আৰু এটা সাধাৰণ শ্ৰেণীৰ বাবে সংৰক্ষিত কৰা হৈছে।
উল্লেখ্য যে প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ সীমা আয়োগে প্ৰতিগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ সৰ্বোচ্চ সীমা দুই লাখ টকা নিৰ্ধাৰণ কৰিছে।

Related Articles