সাংবাদিক -লেখক- সমাজ হিতৈষী ভূপেন মহন্তলৈ ‘সত্যনিষ্ঠ সাংবাদিকতা বঁটা’

সাংবাদিক -লেখক- সমাজ হিতৈষী ভূপেন মহন্তলৈ ‘সত্যনিষ্ঠ সাংবাদিকতা বঁটা’

জ্যেষ্ঠ সাংবাদিক,লেখক আৰু সমাজকৰ্মী তথা ‘দৈনন্দিন বাৰ্তা’ ৰ ‘নিউজ ডেস্ক এডিটৰ’ ভূপেন মহন্তলৈ শিক্ষক প্ৰকাশন সংস্থা, অসমে আগবঢ়াইছে ‘সত্যনিষ্ঠ সাংবাদিকতা বঁটা’। সংস্হাটোৰ সভানেত্ৰী মালিনী শইকীয়া, কাৰ্যকৰী সভাপতি বশিষ্ঠ মুনি ৰামদে আৰু মুখ্য সম্পাদক মৃদুল শইকীয়াই যোৱা ২৭ অক্টোবৰত এখন পত্ৰযোগে সাংবাদিক মহন্তক এই কথা জনাইছে।

উল্লেখযোগ্য যে শিক্ষক প্ৰকাশন সংস্থা, অসমৰ লখিমপুৰ জিলাৰ জালভাৰীৰ বামুণগাঁওস্হিত কেন্দ্ৰীয় কাৰ্যালয়ৰ তৰফৰ পৰা জনোৱা মতে সংস্হাটোৰ অনুমোদিত মহাশয় প্ৰকাশন পৰিষদৰ জৰিয়তে ৰাজ্যৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক আদি ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক বঁটা প্ৰদানৰ বাবে বাছনি কৰা হৈছে আৰু চলিত বৰ্ষত ‘সত্যনিষ্ঠ সাংবাদিকতা বঁটা’ৰ কাৰণে ভূপেন মহন্তক নিৰ্বাচন কৰা হৈছে। অহা নৱেম্বৰ মাহত এই বঁটা প্ৰদানৰ নিৰ্ধাৰিত দিন অচিৰেই সংস্হাটোৱে ঘোষণা কৰিব। উল্লেখ্য, সাংবাদিক, লেখক ভূপেন মহন্তক চলিত বৰ্ষৰ বাবা চাহেব বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল’শ্বিপ বঁটা -২০২৬ প্ৰদানৰ বাবেও ভাৰতীয় দলিত সাহিত্য অকাদেমিয়ে ইতিমধ্যে বাছনি কৰিছে আৰু অহা ১২ আৰু ১৩ ডিচেম্বৰত নতুন দিল্লীত অকাডেমীৰ ৰাষ্ট্ৰীয় সন্মিলনত তেওঁক এই সন্মান প্ৰদান কৰা হ’ব ।।

Related Articles