কৃষক ৰাইজৰ কষ্ট আৰু পৰিশ্ৰমৰ উপযুক্ত স্বীকৃতি প্ৰদানৰ লক্ষ্যৰে আজি কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ সহযোগত দদৰাত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰটিৰ শুভ উদ্বোধন কৰে।

কেন্দ্ৰটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে হাজো-শুৱালকুছি সমষ্টিৰ মাননীয় বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে।
এই উপলক্ষে আয়োজিত সভাত বিধায়ক গৰাকীয়ে কয় যে, মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰে কৃষকৰ সবলীকৰণ আৰু কৃষি খণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহে কৃষক সমাজৰ মাজত নতুন আশা আৰু সম্ভাৱনাৰ সঞ্চাৰ কৰিছে। এই ধান ক্ৰয় কেন্দ্ৰই কৃষকসকলে উৎপাদন কৰা ধানৰ ন্যায্য আৰু উচিত মূল্য সুনিশ্চিত কৰাৰ লগতে গ্ৰাম্য কৃষি অৰ্থনীতিক অধিক গতিশীল কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

উক্ত উদ্বোধনী অনুষ্ঠানত কামৰূপ জিলা কৃষি বিষয়া হিতেশ বেজবৰুৱা, কৃষি বিভাগৰ সহকাৰী সঞ্চালক মুকুল বৰ্মন, হাজোৰ কৃষি উন্নয়ন বিষয়া পাৰ্থ জ্যোতি বৰা, ৰামদিয়াৰ কৃষি উন্নয়ন বিষয়া দিলীপ বৰা, গেৰুৱাৰ কৃষি উন্নয়ন বিষয়া অম্লান ডেকা আৰু বিশিষ্ট সমাজকৰ্মী ভূপেন কলিতাকে প্ৰমুখ্য কৰি বহু কেইজন গণ্য-মান্য ব্যক্তি আৰু অঞ্চলৰ বহু কৃষক ৰাইজ উপস্থিত থাকে।

