দুলীয়াজানৰ চাঞ্চল্যকৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ তদন্তৰ মাজতে আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুই অভিযুক্ত! হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰৰ সন্ধানত আৰক্ষীয়ে দুই অভিযুক্ত ৰাজু আৰু আমিৰ দাসক লৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। বৰডুবিৰ সমীপৰ বালিজান চাহ বাগিচাৰ ওচৰত আৰক্ষীৰ জিম্মাৰ পৰা আৰক্ষীৰ বন্দুক কাঢ়ি লৈ পলায়নৰ চেষ্টা চলাওঁতেই আৰক্ষীয়ে উপায়ন্তৰ হৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীয়ে মুঠ পাঁচ জাই গুলীচালনা কৰে। ইয়াৰে চাৰিজাই গুলী দুই অভিযুক্তৰ গাত লাগে। এই ঘটনাত দুই অভিযুক্তৰ লগতে ডিব্ৰুগড় আৰক্ষীৰ দুগৰাকী কনিষ্টবল মনোজ লাহন আৰু নিতুল শইকীয়াও আহত হৈছে। আহত দুই অভিযুক্তক অসম চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগত চিকিৎসা প্ৰদান কৰি থকা হৈছে। আনহাতে, আহত দুই আৰক্ষী কনিষ্টবলক টেঙাখাত প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
দুলীয়াজানৰ তিনিটাকৈ হত্যাকাণ্ডৰ তদন্তৰ মাজতে সংঘটিত হৈছে এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা।জানিব পৰা মতে, ত্ৰিপল মাৰ্ডাৰ কাণ্ডত ব্যৱহৃত অস্ত্ৰৰ সন্ধানত আৰক্ষীয়ে দুই অভিযুক্ত ৰাজু আৰু আমিৰ দাসক লৈ গৈছিল। সেই সময়তে বৰডুবিৰ সমীপৰ বালিজান চাহ বাগিচাৰ ওচৰত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলায় দুই অভিযুক্তই। আনকি আৰক্ষীৰ বন্দুক কাঢ়ি লৈ পলায়নৰ চেষ্টা চলোৱাৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে উপায়ন্তৰ হৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। এই সময়ছোৱাত আৰক্ষীয়ে মুঠ পাঁচ জাই গুলীচালনা কৰে। ইয়াৰে চাৰিজাই গুলী দুই অভিযুক্ত ৰাজু আৰু আমিৰ দাসৰ গাত লাগে বুলি জানিব পৰা গৈছে।আৰক্ষীৰ গুলীত আহত দুই অভিযুক্তক বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগত চিকিৎসা প্ৰদান কৰি থকা হৈছে।আনহাতে, এই ঘটনাত ডিব্ৰুগড় আৰক্ষীৰ দুগৰাকী কনিষ্টবল মনোজ লাহন আৰু নিতুল শইকীয়াও আহত হৈছে। আহত কনিষ্টবল দুজনক টেঙাখাত প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰি থকা হৈছে।
সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে সংবাদ মাধ্যমৰ আগত ঘটনাৰ সবিশেষ তথ্য সদৰী কৰে।ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

