নগাঁও জিলাৰ বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত কম্পিউটাৰ পৰীক্ষাগাৰ আৰু সংহত বিজ্ঞানাগাৰ ভৱনটি আজি আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অন্তৰ্গত আন্তঃগাঁথনি পুঁজিৰে নিৰ্মিত উক্ত ভৱনটোৰ উদ্ধোধন কৰাৰ পিছতেই শিক্ষানুষ্ঠানখনত এখন সভা অনুষ্ঠিত হয়।অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নৰেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক জিতু গোস্বামীয়ে কয়-বঢ়মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন শ্বহীদৰ স্মৃতিত স্থাপন কৰা হৈছে।এই শিক্ষানুষ্ঠানখনৰ ইতিহাস আছে।এই বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰি বিশ্বৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বহু ছাত্ৰ ছাত্ৰী প্ৰতিষ্ঠিত হৈছে।কিন্তু বৰ্তমান শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি অতিকৈ শোচনীয়।গতিকে বিদ্যালয়খনৰ সামগ্ৰিক উন্নয়ন সাধন কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু বিধায়ক হিচাপে আমাৰ যথেষ্ট কৰণীয় আছে।বিদ্যালয়ৰখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নলিনী কুমাৰ বৰাই উদ্দেশ্য বাখ্যা কৰা আৰু শিক্ষক মন্টু মহন্তই আঁত ধৰা সভাখনত বিধায়ক গোস্বামীয়ে ভাষণত বিদ্যালয়খনৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ আৰু চৌহদ উন্নয়নৰ বাবে বিধায়কৰ উন্নয়ন পুঁজিৰ পৰা ৬ লাখ টকাৰ অনুদান আগবঢ়োৱা হব বুলি ঘোষণা কৰাৰ লগতে পৰৱৰ্তী সময়ত ঐতিহ্য মণ্ডিত শিক্ষানুষ্ঠানখন বিধায়কৰ মডেল স্কুল হিচাপে উন্নীতকৰণ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।সভাখনত বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ নন্দিতা ভূঞাই বিগত কাৰ্যকালৰ শিক্ষানুষ্ঠানখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে নতুনকৈ নিৰ্মান কৰা কম্পিউটাৰ পৰীক্ষাগাৰ আৰু বিজ্ঞানাগাৰটোৰ পৰা ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণ কৰি যথেষ্ট উপকৃত হব বুলি মন্তব্য কৰাৰ লগতে বিদ্যালয়খনত থকা বিভিন্ন সমস্যাৰাজিৰ বিষয়ে বিধায়কৰ দৃষ্টিগোচৰ কৰে।সভাত বাৰগঞা সমাজৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক দয়াৰাম কলিতা,সাংবাদিক অপূৰ্ব হাজৰিকাই ভাষণ প্ৰদান কৰে।বিদ্যালয়খনৰ শিক্ষক প্ৰভাত বৰাই শলাগৰ শৰাই আগবঢ়োৱা সভাখনত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ সভাপতি মনোজ ভূঞা,বাৰগঞা সমাজৰ সম্পাদক তথা সমাজকৰ্মী ৰমেশ হাজৰিকা,বঢ়মপুৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰীনা দাস বৈষ্ণৱ,বঢ়মপুৰ গাঁও পঞ্চায়তৰ সভাপতি কুশল বৰা প্ৰমুখ্যে বহু গৰাকী গণ্য মান্য বক্তি উপস্থিত আছিল।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আৰন্যকৰ ১৬০ কিলোমিটাৰ চাইকেল ৰেলিৰ অন্ত পৰিল কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…
- চীনৰ ভাবুকিক প্ৰত্যাহ্বান! চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হব ফ্ৰণ্টিয়াৰ হাইৱে, লাভবান হ’ব অসম; ২০২৭ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য…
- প্ৰাক্তন খেলুৱৈ, প্ৰবীন ক্ৰীড়া সংগঠক দিলীপ মেধি সম্পৰ্কে দুআষাৰ…
- ৰাইচিৰ মৃত্যুৰ আঁৰত দুৰ্ঘটনা নে ষড়যন্ত্ৰ! ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পিছত প্ৰথম উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবাৰক অন্তৰ্ৱতীকালী ৰাষ্ট্ৰপতি হিচাবে নিয়োগ…
- বৃদ্ধি পাইছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা! বিদ্যালয়ত কন্যাৰ নথি-পত্ৰ জমা দিবলৈ গৈ ঘূৰি নাহিল চায়না, কোলাত সন্তানক লৈ পত্নীক বিচাৰি হাবাথুৰি পতি…
- ২০২৪ বিত্তীয় বৰ্ষত ব্যৱসায় বৃদ্ধিৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ বেংকৰ ভিতৰত শীৰ্ষত বেংক অফ মহাৰাষ্ট্ৰ…
- দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিৰে মেট্ৰ’ ষ্টেচনত ভাবুকিপূৰ্ণ লেখনি! আপৰ মতে আঁৰত বিজেপি…
- ৰাইচিৰ মৃত্যুত ইৰাণত পাঁচদিনীয়া ৰাষ্ট্ৰীয় শোক; ভাৰততো পালন এদিনীয়া শোক…
- বিজেপি ‘বনিয়া-ব্ৰাহ্মণ’ৰ দল নহয়, দক্ষিণতো বিজেপিয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…
- বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ ৫৩৪ সংখ্যক জন্ম জয়ন্তী উৎসৱ…