অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল শনিবাৰে পুৱা জন আশীৰ্বাদ যাত্ৰাৰ বাবে গুৱাহাটীত উপস্থিত হয় । তাৎপৰ্যপূৰ্ণভাৱে, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী আৰু লগতে আয়ুষ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত সৰ্বানন্দ সোণোৱালৰ এইটো প্ৰথম ভ্ৰমণ। তেওঁ ৰাজনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিৰো সদস্য।বৰঝাৰৰ এলজিবিআই বিমানবন্দৰত সোণোৱালক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায়। সোণোৱালৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে।কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰণি জনোৱাৰ বাবে বিজেপিৰ অসম গোটে তিনিদিনীয়া ‘আশীৰ্বাদ যাত্ৰা’ সম্পন্ন কৰিব। ২১ আগষ্টৰ পৰা ২৩ আগষ্টলৈ তেওঁৰ যাত্ৰাৰ সময়ত ৰাজ্যৰ ১৮ টা স্থানত এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। যাত্ৰাটো দলটোৰ সংগঠন জিলা গুৱাহাটী, মৰিগাঁও, কলিয়াবৰ, নগাঁও, যোৰহাট আৰু শিৱসাগৰৰ মাজেৰে আগবাঢ়িব। এই যাত্ৰাই ৩৭৫.৫ কিলোমিটাৰ আৱৰিব। Covid.-19 প্ৰটোকলক কঠোৰভাৱে অনুসৰণ কৰি যাত্ৰা অনুষ্ঠিত কৰা হ’ব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…