সাংস্কৃতিক জগতৰ এক ইতিবাচক তথা আশাব্যঞ্জক খবৰে আনন্দৰ জোৱাৰআনিছে নলবাৰী জিলাৰ সৰ্বস্তৰৰ লোকৰ মাজত। উল্লেখ্য যে পশ্চিম নলবাৰী অঞ্চলৰ চামতাৰ ‘আকাশ’- এক কলাত্মক অনুষ্ঠানৰ প্ৰযোজনাত নিৰ্মাণ হোৱা চুটিছবি “এন্ধাৰ আঁতৰিব যিদিনা” লণ্ডনৰ ‘দ্য লিফ্ট অ’ৱ’ ( The Lift-Off )ৰ দ্বাৰা আয়োজিত ফিল্ম ফেষ্ট- ছিজন -২০২১ত প্ৰদৰ্শনৰ বাবে মনোনীত হৈছে । উল্লেখ্য, এই সু-খবৰে ৰাজ্যৰ সাংস্কৃতিক মহলক আনন্দিত কৰাৰ লগতে অসমীয়া চুটিছবি নিৰ্মাতা সকলক বেচ উৎসাহিত কৰি তুলিছে । ছবিখনৰ প্ৰযোজক তথা অন্যতম অভিনেতা চন্দন প্ৰয়াসে দৈনন্দিন বাৰ্তাক জনোৱা মতে, এই চুটিছবিখনৰ কাহিনী, সংলাপ আৰু পৰিচালনা নিজৰ । ছবিখনত অভিনয় আগবঢ়াইছে হীৰেণ মিশ্ৰ, ৰাজেন বৈশ্য, চন্দন প্ৰয়াস, গণেশ বৰ্মন, মীনাক্ষী বৰ্মন, লক্ষী দাস, বৰ্ণালী বৈশ্য, প্ৰীতিমণি বৈশ্য, সীমান্ত বৰ্মন, নীলোৎপল বৰ্মন, নৃপেন বৰ্মন, হেমন্ত বৈশ্য, সাগৰিকা বৰ্মন, কমলা দাস, মঞ্জু বৰ্মন, প্ৰজ্ঞা বৰ্মন, বৰ্ণালী বৰ্মন, শিশুশিল্পী হেমেন দাস আৰু সাগৰিকা বৰ্মনে । দৃশ্যগ্ৰহণ কৰিছে পংকজ কুমাৰ নাথ আৰু চম্পক ডেকাই । ছবিখনৰ সম্পাদনা মুন বি মুনৰ আৰু সম্পাদনা সহযোগী কংকন বৰ্মনৰ । এন্ধাৰ যিমানেই গভীৰ নহওক কিয়, পোহৰ নিশ্চয়কৈ এদিন ওলাবই – এনে এক মূল বিষয়বস্তুক লৈ অতি কম বাজেটেৰে পৰিচালকে ছবিখন নিৰ্মান কৰিছে সম্পূৰ্ণ গ্ৰাম্য পটভূমিত। গ্ৰাম্য জীৱনৰ হাঁহি- কান্দোন, সুখ-দুখ ,আবেগ-অনুভূতিৰে পৰিপূৰ্ণ ছবিখন ছবিখনত দৰ্শকে অভিনয়ৰ এক নতুনসোৱাদ লাভ কৰিব।

