বাঘবৰৰ আলোপতিৰ নেমুটেঙা খেতিয়কৰ হাহাকাৰ

দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ থানাৰ অন্তৰ্গত আলোপতিত চৰকাৰী চাকৰিৰ আশা এৰি স্বাৱলম্বী হোৱাৰ সপোন ল’ই আবুশ্বামা আলী নামৰ এজন শিক্ষিত যুৱকে ছাৰি বিঘাকৈ মাটিত কৰিছিল নেমু টেঙাৰ খেতি। যুৱকজনে খেতি কৰা চাৰি বিঘা মাটিৰ দুই বিঘা মাটি নিজা আৰু দুই বিঘা মাটি লোকৰ পৰা বিঘাই প্ৰতি দহ হাজাৰ টকাকৈ লীজত লৈছিল। সকলো ঠিকেই আছিল যদিও কভিড’ৰ বাবে বজাৰ-সমাৰ বন্ধৰ উপৰিও আন্তঃজিলা যাতায়ত বন্ধ হোৱাত উৎপাদন অনুসৰি নেমু টেঙাবোৰ বিক্ৰী কৰাৰ বাবে বজাৰত বেপাৰী নাপায়। ফলত গছৰ ফল গছতেই পকি গেলি পচি এমূৰৰ পৰা নষ্ট হৈ যাবলৈ ধৰিছে। গছবোৰ তলে তলে উভৈনদী হৈ পৰিল পচি সৰি যোৱা পকা পকা নেমু টেঙাবোৰ। যুৱকজনৰ হাতত পৰ্যন্ত মূলধন নথকাত লোকৰ পৰা ঋণ লৈ নেমু বেচি ঋণ পৰিশোধৰ চৰ্তত কৰিছিল নেমু খেতি। পিছে যুৱকজনৰ আশাত চেঁচাপানী পৰিল। এতিয়া ঋণ পৰিশোধৰ চিন্তাত শিক্ষিত যুৱকজনৰ সম্প্ৰতি দিন নাযায় ৰাতি নুপুৱায় অৱস্থা হৈ পৰিছে। সেয়ে উপায়বিহীন হৈ চৰকাৰৰ কৃষি বিভাগৰ পৰা অৰ্থ সাহাৰ্য্য বিচাৰিছে উদ্যমী শিক্ষিত যুৱ কৃষক গৰাকীয়ে। এতিয়া প্ৰশ্ন হয় যুৱ কৃষক গৰাকীৰ এই বিপৰ্যয়ৰ কথা বিবেচনা কৰিবনে চৰকাৰৰ কৃষি বিভাগটোৱে ? নে এইদৰে মৰহি যাব কৃষি কৰ্মৰে স্বাৱলম্বী হব বিচৰা আবুশ্বামা আলীৰ দৰে যুৱ কৃষকৰ সপোন-আশাবোৰ।

Related Articles