কটনত স্নাতক শাখাত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা বাতিল

কটন বিশ্ববিদ্যালয়ত স্নাতক শাখাত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’বলগীয়া কটন আণ্ডাৰ গ্ৰেজুৱেট এণ্ট্ৰেন্স পৰীক্ষা (চি ইউ জি ই ই-২০২১) বাতিল কৰা হৈছে। শনিবাৰে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক জাননীযোগে এই কথা সদৰী কৰিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীয়ে লাভ কৰা নম্বৰৰ ভিত্তিতেই বিশ্ববিদ্যালয়খনত স্নাতক শাখাত শাখাত নামভৰ্তি হ’ব। নামভৰ্তি সন্দৰ্ভত বিস্তৃত নিৰ্দেশনা আৰু অনলাইন আবেদনৰ নতুন তাৰিখৰ বিষয়ে অতি শীঘ্ৰে জনাব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অৱগত কৰে। প্ৰৱেশ পৰীক্ষা বাতিল কৰা জাননীখন cottonuniversity.ac.inত উপলব্ধ। উল্লেখ্য, পূৰ্বে বিশ্ববিদ্যালয়খনত স্নাতক শাখাত নামভৰ্তিৰ ক্ষেত্রত শিক্ষাৰ্থীয়ে প্ৰৱেশ পৰীক্ষাত লাভ কৰা নম্বৰ আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত লাভ কৰা নম্বৰৰ ৪০ শতাংশ যোগ কৰি মেধাৰ তালিকা প্ৰস্তুত কৰা হ’ব বুলি জনাইছিল।

Related Articles