দেওবাৰে দিনৰ তিনি বজাত হোজাই জিলাৰ পূৱ জাৰুণী উচ্চ ইংৰাজী বিদ্যালয়ত অসম কবি চক্ৰৰ প্ৰথমখন কাৰ্যনিৰ্বাহ সভাৰ আয়োজন কৰা হয়। এই কাৰ্যনিৰ্বাহ সভাৰ লগত সংগতি ৰাখি সংগঠনটোৰ পত্ৰিকা সম্পাদক বিশিষ্ট কবি ,শিক্ষক ৰফিক উদ্দিন দেৱৰ ‘ উপবন’ নামৰ কবিতা পুথি খনৰ উন্মোচন কৰা হয়। এই খন লৈ তেওঁ তিনিখন পুথিৰ লিখি পাঠকৰ সমাজত তুলি ধৰিবলৈ সক্ষম হয়। আজিৰ আয়োজিত সভাত উপস্থিত থাকে শিক্ষাবিদ তথা অসম কবি চক্ৰৰ সম্মানিয় সভাপতি তথা অধ্যাপক ড: হাচিনুচ চুলতান দেৱ, বিশিষ্ট সাংবাদিক ,অসম কবি চক্ৰৰ সম্পাদক জমিৰ উদ্দিন তালুকদাৰ, কবি মুজাম্মিল আলী উপ-সভাপতি অসম কবি চক্ৰ, কবি তথা নীলবাগান শাখা সাহিত্য সভাৰ সম্পাদক দিলৱাৰ হুছেইন, সাংবাদিক কফিল উদ্দিন বৰভূঞা, মুজিবুৰ ৰহমান বাৰভূঞা (কালা ভাই) বিশিষ্ট সমাজ সেৱক তথা স্বত্বাধিকাৰী জোনাকী নিউজ চেণ্টাৰ নীলবাগান, সাংবাদিক হাচিব উদ্দিন তালুকদাৰ কে আদি কৰি বহু কবি আৰু সাহিত্যক উপস্হিত থাকে | কবি ৰফিক উদ্দিনৰ ‘উপবন’ নামৰ কাব্যগ্ৰন্থ উন্মোচনৰ পিছতে অসম কবি চক্ৰৰ উপ-সভাপতি মুজাম্মিল আলীয়ে কবি ৰফিক উদ্দিনক ‘উপবন’ ৰ কবি নামেৰে সন্মানিত কৰিবলৈ সভাত দাবী জনায় | ইপিনে সভাৰ সভাপতি ড: হাচিনুচ চুলতান আৰু সম্পাদক জমিৰ উদ্দিন তালুকদাৰে ‘উপবন’ নামৰ কাব্যগ্ৰন্থ উন্মোচনৰ পিছত কবি গৰাকীক ভূয়সী প্ৰশংসা কৰি দীঘলীয়া ভাষণ ৰাখে | উল্লেখ্য যে, কবি ৰফিক উদ্দিনে ভাষণ প্ৰসংগত কয় — কবিতা লিখাত অধ্যাপক ডঃ হাচিনুচ চুলতানে দিয়া অনুপ্ৰেৰণাৰ বাবে আজিলৈ তেওঁ অসমীয়া ভাষাত চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰিবলৈ সক্ষম হয় | ইপিনে সভাত উপস্থিত হোৱা অতিথি সকলেওঁ ভাষণত উন্মোচন হোৱা কাব্যগ্ৰন্থৰ কবি গৰাকীক ‘উপবন’ৰ কবি বুলি কয় আৰু তেওঁ কবিতাৰ মানদণ্ড বহু উন্নত বুলি কৈ প্ৰশংসাৰে উপচি পেলায় | শেষত অধ্যাপক ডঃ হাচিনুচ চুলতান দেৱে ‘উপবন’ নামৰ কাব্যগ্ৰন্থৰ এটি কবিতা পাঠ কৰি সভা ভংগ কৰে |
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…