চিন্তামণিগড়ৰ পঞ্চী ৰাজখোৱালৈ ‘গতি অসম’ৰ ‘শিশু প্ৰতিভা বঁটা’

অসমৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান গুৱাহাটীৰ ‘গতি অসমে’ শিশুসকলক উৎসাহিত কৰিবৰ বাবে প্ৰতি বছৰে প্ৰদান কৰি অহা ‘শিশু প্ৰতিভা বঁটা’ৰ বাবে নিৰ্বাচিত শিশুসকলৰ নাম ঘোষণা কৰিছে। তিনিজনীয়া জুৰী সমিতিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক আবেদনকাৰীৰ মাজৰ পৰা বিভিন্ন ক্ষেত্ৰৰ দহগৰাকী প্ৰতিভাৱান শিশুক এইবাৰ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে। সেই অনুসৰি যোৰহাট জিলাৰ টীয়ক চিন্তামণিগড়ৰ প্ৰতিভাৱান শিশু, কণ্ঠশিল্পী পঞ্চী ৰাজখোৱালৈ সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰতিভাৱান শিশু বঁটা প্ৰদান কৰিছে। অঞ্চলটোৰ চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী পঞ্চী ৰাজখোৱাই বিগত সময়ত জিলা, ৰাজ্যিক আৰু আঞ্চলিক ভিত্তিক বিভিন্ন গীত-নৃত্য-অভিনয়, কবিতা আবৃত্তি, সাধুকোৱা আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰাৰ লগতে ৰংমেলা প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা, মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰদীপ ৰাজখোৱাৰ কন্যা পঞ্চী ৰাজখোৱাই কেইবাটাও দূৰদৰ্শন কেন্দ্ৰতো গীত পৰিৱেশন কৰি সুখ্যাতি অৰ্জন কৰিছে। শিশু অৱস্থাতে বিভিন্ন পাৰদৰ্শিতাৰে ‘প্ৰতিভাৱান শিশু বঁটা’ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা খবৰ পোৱাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জিতু নেওগ, চিন্তামণিগড় সৃষ্ট প্ৰগতি চ’ৰাৰ সম্পাদক তথা কুমাৰভেটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত চাংমাই, অনাতাঁৰ শিল্পী ৰাজু ৰাজখোৱা পঞ্চীৰ বাসগৃহত আজি উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে।

Related Articles