বৰপেটাৰ আলোপতি ছাত্ৰ সন্থাৰ উদ্যোগত সোণালী জয়ন্তী উৎসৱৰ প্ৰস্তুতি সভা

 বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতিত কালি আলোপতি ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী উৎসৱ উদযাপনৰ প্ৰস্তুতি সভাৰ লগতে এখনি কাব্য গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। আলোপতি ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে ছাত্ৰ সন্থাৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয় অধিবক্তা হান্নানুল আহমেদে।স্থানীয় ড০ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ গণশিল্পী আবু বাহাৰ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ সন্থাৰ সম্পাদক ৰুকেশ আলীয়ে।সভাত আলোপতি ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী উৎসৱ  সম্পৰ্কে বিতং আলোচনা কৰি অহা ডিচেম্বৰ মাহৰ ভিতৰত সোণালী জয়ন্তী উৎসৱ পতাৰ লগতে কেইবাটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সৰ্বসন্মত সিদ্ধান্ত লোৱা হয়।তদুপৰি আলোপতি ফকিৰ পাৰাৰ আদম আলী নামৰ এজন লোকে স্বয়ম্ভূ সভাপতি হৈ আলোপতিৰ নামত আন এটা ভুৱা ছাত্ৰ সন্থা গঠন কৰাৰ অভিযোগত তেওৰ লগতে  কেইবাজনক অনিৰ্দিষ্ট কালৰ বাবে আলোপতি ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰ কৰা হয়। উল্লেখ্য যে সভাৰ আৰম্ভণিতে মেঘালয়ৰ উত্তৰ গাৰোপাহাৰ বাংশী আপাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যাপক তথা আলোপতিচৰ অঞ্চলৰ সু- সন্তান তথা উদীয়মান কবি আলতাফ মজুমদাৰৰ কবিতা  সংকলন পুথি “অগ্নিস্নান”  আনুষ্ঠানিকভাৱে উন্মোচন কৰে ধুবুৰী বি এন কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ অহিজ উদ্দিন আহমেদে। কবিতা পুথিখন উন্মোচন কৰি প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে কয় যে কবিতা হৈছে সাহিত্যৰ আটাইকেইটা বিষয়ৰ ভিতৰত আটাইতকৈ প্ৰাচীন। কবিয়ে মানুহৰ সুখ দুখ, শোষন, বঞ্চনা আদি কবিতাৰ মাজেৰে সমাজত দাঙি ধৰে। ভাষণত উন্মোচক গৰাকীয়ে ইয়াকো উল্লেখ কৰে যে চৰ চাপৰিৰ জনগনে বৃহত্তৰ অসমীয়াৰ হকে আৰু অসমীয়া ভাষা সংস্কৃতিৰ উন্নয়ণৰ হকে আমি কাম কৰি যাব লাগিব।  দূৰ্গম অঞ্চল সমূহত এই জনগোষ্ঠীৰ লোকে হাবি বননি কাটি মাটি সমূহ কৃষিৰ বাবে উপযোগী কৰিয়েই ক্ষান্ত নাথাকি বিভিন্ন অঞ্চলত অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা আগবঢ়াই আহিছে। ইমান কষ্ট কৰাৰ পিছতো এই জনগোষ্ঠীটোক বিশ্বাসত লোৱা হোৱা নাই। শাসক পক্ষই সদায়  সন্দেহৰ আঙুলি টোৱাই কথা কয়। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এই জনগোষ্ঠীটোৱে বলিষ্ঠ ভূমিকা থাকিলেও শাসক গোষ্ঠীয়ে মানি লোৱা নাই।সেয়ে আমি আমাৰ অধিকাৰ কাঢ়ি আনিব লাগিব বুলি তেওঁ ভাষণত উল্লেখ কৰে। সভাত কবিতা পুথিৰ ৰচক উদীয়মান কবি আলতাফ মজুমদাৰে কয় যে মোৰ অধিকাংশ কবিতাত চৰ চাপৰি অঞ্চলৰ খাটি খোৱা লোকৰ জীৱন কাহিনী কবিতাৰ মাজেৰে প্ৰকাশ কৰা হৈছে। উন্মোচনী সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল মজিদ, অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডাঃ মহম্মদ আলী, অৱসৰপ্ৰাপ্ত শিক্ষক মীৰ মহম্মদ আলী,অৱসৰপ্ৰাপ্ত গাণনিক বিষয়া আতাউৰ ৰহমান, বিষয় শিক্ষক ওজেদুল হাচান, ৰাজমাহমুদ হুছেইন, আলাউদ্দিন আল আমিন, আলোপতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ক্ৰমে নুৰ আলম, নুৰ আলম হ’ক, গাজী ৰহমান,ৰফিকূল হাছান, ছামছুল আলম ছৰৱাৰ্দ্দী প্ৰমূখ্যে বহু সংখ্যক বিশিষ্ট ব্যক্তি, আলোপতি ছাত্ৰ সন্থাৰ বৰ্তমানৰ আৰু প্ৰাক্তন বিষয়ববীয়া ও সদস্য সকল উপস্থিত থাকে ।

Related Articles