সম্প্ৰতি ৰাজ্য চৰকাৰৰ শক্তি বিভাগ সৰৱ হৈ ক্ষীপ্ৰতাৰে কাৰ্য সম্পাদন কৰা পৰিলক্ষিত হৈছে । বিশেষকৈ অবৈধ ভাৱে বিদ্যুৎ সংযোগ কৰা বা বিদ্যুতৰ মাছুল নিদিয়া সকলৰ বাবে কঠোৰ গৈছে । সেই হিচাপে গোৱালপাৰা জিলাৰ বিভিন্ন স্হানতো বিদ্যুৎ বিভাগে এই অভিযান চলাই আছে যদিও ইয়াৰ পূব প্ৰান্তত অৱস্হিত ধূপধৰা স্হিত বৈদ্যুতিক উপ:সংমণ্ডলৰ অধীনৰ ভিন্ন স্হানৰ গাঁৱত আজি কেই বছৰৰ পৰা বিদ্যুতৰ পকী খুঁটা পৰিত্যক্ত অৱস্হাত পৰি আছে । জানিব পৰা মতে বৃহত্তৰ ধূপধৰা অঞ্চলত বিভাগে আজি কেই বছৰৰ পৰা চৰকাৰী আঁচনিৰ জৰিয়তে এই পকী খুঁটা সমূহ পুতি বিদ্যুৎ সংযোগৰ কাম কৰি আহিছিল । কাম সম্পাদন কৰাৰ পিছতে এইদৰে য’ত-ত’ত পেলাই থৈ দিয়া হয় পকী পোষ্ট সমূহ । উপ:সংমণ্ডলটোৰ বিমানপাৰা গাঁৱৰ পথৰ কাষৰ লগতে খেকাপাৰাৰ শিল ভঙা ক্ৰেছাৰ মেছিনৰ কাষত কেইবা ডালো পোষ্ট আজিও পৰিত্যক্ত অৱস্হাতে আছে । অঞ্চলটোৰ কেইবাখনো স্হানত আজিও বাৰুকৈয়ে প্ৰয়োজন হৈ থকা বিদ্যুতৰ খুঁটা এনেদৰে কেইবা বছৰো পৰিত্যক্ত হৈ থকা কাৰ্যই ধূপধৰা স্হিত উপ:সংমণ্ডলৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ অমনোযোগীতাকে সূচাইছে ।

