দক্ষিণ কামৰূপৰ চিমিনা, ফুটুৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ চিমিনা আৰু ফুটুৰীত মহাবাহু ব্ৰহ্মপুত্ৰই পুনৰ তাণ্ডৱ চলাবলৈ ধৰিছে। মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে দুটাকৈ শৈল বান্ধৰ বিস্তৃত অংশ উটুৱাই নিয়াত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰীয়া সৃষ্টি কৰিছে। দেশে স্বাধীনতা লাভ কৰা সময়ৰে পৰা এতিয়ালৈকে সমগ্ৰ দক্ষিণ কামৰূপত মহাবাহু ব্ৰহ্মপুত্ৰই তীব্ৰ খহনীয়াৰে তিনি কুৰিতকৈও অধিক গাঁও নিজৰ বিশাল বুকুত সামৰি লোৱাৰ পিছত খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে দক্ষিণ কামৰূপৰ পলাশবাৰী, দখলা, গুইমাৰা, চিমিনা, ফুটুৰী আদিত স্থায়ী প্ৰতিৰোধৰ বাবে ৰূপায়ণ কৰা কোটি টকীয়া অভিলাষী আঁচনি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যদিও এতিয়া যেন সকলো ফুটুকাৰ ফেনতহে পৰিণত হোৱাৰ উপক্ৰম ঘটিছে। সত্ৰাপাৰাৰ পৰা চিমিনালৈ প্ৰায় ৬ কিলোমিটাৰ দৈৰ্ঘৰ ৩৩ কোটি টকা ব্যয় সাপক্ষে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে যদিও নৈপৰীয়া ৰাইজৰ বহু ওজৰ-আপত্তি থাকি গ’ল। নদীবান্ধৰ ঠিকা লাভ কৰা ব্ৰহ্মপুত্ৰ ইনফ্ৰাকষ্টাকচাৰ প্ৰাইভেট লিমিটেড নামৰ সুৰেশ পৃথানীৰ কোম্পানীয়ে আঁচনিৰ কাম সম্পূৰ্ণ কৰিছে যদিও ঠিকাদাৰ, বিষয়া, কৰ্মচাৰীৰ বিয়াগোম দুৰ্নীতিৰ বোজা সহিব নোৱাৰাৰ বাবেই পুনৰ বিপদাপন্ন হৈছে অঞ্চলবাসী ৰাইজ। এইবেলিও মহাবাহুৰ বাঢ়নী পানীয়ে চিমিনা, ফুটুৰীত তাণ্ডৱ সৃষ্টি কৰি কিছু বছৰ পূৰ্বে নিৰ্মাণ কৰা দুটাকৈ শৈল বান্ধৰ অংশ বিশেষ উটুৱাই লৈ যোৱাৰ পিছত অঞ্চলটোলৈ ভাবুকি আহি পৰিছে। ৰাইজৰ অভিযোগ, আঁচনি ৰূপায়নত দুৰ্নীতি সংঘটিত হোৱাৰ ফলত কাম যিধৰণে হ’ব লাগিছিল সেইধৰণৰ হোৱা নাই। সেয়েহে পানী বাঢ়ি অহাৰ লগে লগেই উটুৱাই লৈ গল শৈল বান্ধৰ বিস্তৃত অংশ। অঞ্চলটোৰ ৰাইজে অতিশীঘ্ৰে এই খহনীয়া ৰোধৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আচনি ৰূপায়নত সংঘটিত হোৱা বিয়াগোম দুৰ্নীতিৰ তদন্ত বিচাৰিছে।

Related Articles