সৰ্বশিক্ষাৰ ৰাজ্যিক প্ৰতিনিধিৰ উপস্থিতিত গলিয়া প্ৰাথমিক বিদ্যালয়ত অভিভাৱক সন্মিলন

নলবাৰী জিলাৰ   বড়িগোগ বনভাগ শিক্ষাখণ্ডৰ অন্তৰ্গত গলিয়া প্ৰাথমিক বিদ্যালয়ত ন-পুৰনি অভিভাৱক সকলক লৈ সম্পূৰ্ণ  ক’ভিড প্ৰট’কল মানি  কালি  এখন অভিভাৱক সন্মিলন অনুষ্ঠিত হয়। এটি  গুৰু বন্দনাৰে আৰম্ভ হোৱা সভাখন উদ্ভোধন কৰে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ইমৰান হুছেইনে। হুছেইনে ভাষনত ক’ভিডৰ মাজতো বিদ্যালয় খনে কৰি অহা ইতিবাচক কৰ্মৰাজীৰ শলাগ লয়। ছাত্ৰ সংসদৰ প্ৰধান সেৱক কাৰ্তিক তালুকদাৰে আঁত ধৰা আৰু প্ৰধান শিক্ষক গিৰীন্দ্ৰ কাশ্যপে সঞ্চালনা কৰা সভাখনৰ শেষৰ ফালে সৰ্বশিক্ষাৰ ৰাজ্যিক আঁচনি বিষয়া কন্দৰ্প কুমাৰ কলিতা উপস্থিত হৈ অভিভাৱক সকলৰ কথা মনযোগেৰে শুনে আৰু বিদ্যালয়খনে ভোগ কৰি থকা সমস্যাৰ বুজ লয়। তেওঁক সঙ্গ দিয়ে জিলা আৰু খণ্ড পৰ্যায়ৰ বিষয় ববীয়া সকলে। অভিভাৱক সন্মিলনত প্ৰধানকৈ ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাছ, ঘৰে ঘৰে গৈ শৈক্ষিক সহযোগিতা প্ৰদান, প্ৰকল্প কাৰ্য, শিক্ষক দিৱসৰ প্ৰস্তুতি আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয়। বিদ্যালয়খনে কৰা এনেকুৱা কাৰ্যত বিদ্বৎ মহলে প্ৰশংসা কৰিছে।

Related Articles