ৰঙাপৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি ৰঙাপৰা মণ্ডল সমিতিৰ উদ্যোগত স্বাস্থ্য সয়ংসেৱক আভিযানৰ প্ৰশিক্ষণ কৰ্মশালা ৰঙাপৰা নগৰৰ বৰজুলি শ্ৰমিক কল্যাণ বিষয়াৰ কাৰ্যালয়ত কালি অনুষ্ঠিত হৈ যায় ।কৰনা মহামাৰীৰ সম্ভাৱিত তৃতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি কেনেদৰে বুথ পৰ্য্যায়ৰ স্বয়ম সেৱক সকলে চহৰ আৰু গ্ৰামাঞ্চলৰ প্ৰত্যেক মানুহৰ মাজত কৰনা মহামাৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব পাৰে সেই উদ্দেশ্য হাতত লৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ তত্বাৱধানত ৰাষ্ট্ৰীয় স্বয়ম সেৱক অভিযানৰ আৰম্ভ কৰা হৈছে।এই কাৰ্যক্ৰমৰ অংশ স্বৰূপে ৰঙাপৰা গ্ৰাম্য মণ্ডলৰ অন্তৰ্গত সকলো বুথ পৰ্য্যায়ৰ স্বয়ম সেৱক একত্ৰিত হৈ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানত সভাপত্বিত্ব কৰে ভাৰতীয় জনতা পাৰ্টী ৰঙাপাৰা গ্ৰাম্য মণ্ডলৰ সভাপতি দীপক তেলীয়ে। প্ৰশিক্ষণ শিবিৰত আমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় স্বয়ম সেৱক কাৰ্যনির্বাহক সদস্য কমল কলিতা আৰু জিলা স্বয়ম সেৱক কাৰ্যনির্বাহক সদস্য দিব্যা সিনহা ।তাৰোপৰি সভাত ৰূপালী পাটোৱাৰী, ডেভিদ খৰা, ৰানা ভাটিয়া,প্ৰসেনজিত দেৱনাথৰ লগতে পঞ্চায়ত প্ৰতিনিধি আৰু দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ক’ভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হ’ল উচ্চতম ন্যায়ালয়…
- আজি অসমৰ চাৰি লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ…
- পুৱা ৯ বজালৈ গুৱাহাটীত ভোটদানৰ হাৰ ১০.৩৮%…
- আজি ৰাজ্যৰ ৪ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ…
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…