মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত হুগলতলী গাঁৱত এটি ১১ বছৰীয়া কিশোৰে চীপ জৰীলৈ আত্মহত্যা কৰা ঘটনাই সমগ্র অঞ্চলত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। । ঘটনা খবৰ পোৱাৰ লগে লগেই লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বড়োৱে সজাতী দল লৈ ঘটনা স্থলীত উপস্থিত হয়। ঘটনা স্থলীত আৰক্ষী অধীক্ষক মহোদয়াৰ লগতে লাহৰীঘাট ৰাজহ চক্র বিষয়াও উপস্থিত আছিল। আত্মহত্যা কৰা কিশোৰৰ মৃতদেহটি লাহৰীঘাট আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আত্মহত্যাৰ কোনো কাৰণ জানিব পৰা নাই।


