একশৰণ হৰিনাম ধৰ্ম আৰু সত্ৰীয়া কৃষ্টি- সংস্কৃতিৰ একনিষ্ঠ সাধক- সেৱক, প্ৰচাৰ- প্ৰসাৰক, বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া নৱজিৎ দাস পাঠকৰ সোঁৱৰণত প্ৰস্তুত কৰি উলিওৱা শ্ৰদ্ধাৰ্ঘ গ্ৰন্থখন যোৱা ২৪ আগষ্টৰ সন্ধিয়া উন্মোচন কৰা হয় ৷ ডেকাসত্ৰীয়া গৰাকীৰ জীৱন আৰু কৃতিৰ আধাৰত মহানন্দ পাঠক আৰু জয়ৰাজ দাসে সম্পাদনা কৰি উলিওৱা “সত্ৰ- সংস্কৃতিৰ সেৱক নৱজিৎ দাস পাঠক” শীৰ্ষক শ্ৰদ্ধাৰ্ঘ গ্ৰন্থখন উন্মোচন কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ট দেৱ শৰ্মাই ৷ শ্ৰদ্ধাৰ্ঘ গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত বুঢ়াসত্ৰীয়া শৰ্মাই ডেকাসত্ৰীয়া নৱজিৎ দাস পাঠকৰ সতে হোৱা সান্নিধ্যৰ কথা সোঁৱৰণ কৰাৰ লগতে নৱজিৎ দাসৰ অকাল বিয়োগে মহাপুৰুষীয়া ধৰ্ম আৰু সত্ৰীয়া কৃষ্টি- সংস্কৃতি প্ৰচাৰ – প্ৰসাৰত যথেষ্ট ক্ষতি হোৱা বুলি উল্লেখ কৰে ৷ ভাষণ প্ৰসংগত বুঢ়াসত্ৰীয়া শৰ্মাই কয়, ডেকাসত্ৰীয়া নৱজিৎ দাসৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বৰপেটা সত্ৰৰ ৰীতি- নীতি পৰম্পৰাৰ আধাৰত চলি থকা একোখনকৈ শাখা সত্ৰক বৰপেটা সত্ৰৰ তৰফৰ পৰা প্ৰতি বছৰে বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৷ ডেকাসত্ৰীয়া নৱজিৎ দাসৰ বৈকুণ্ঠগমণৰ এবছৰ পূৰ্ণ হোৱা উপলক্ষ্যে তেখেতৰ বাসগৃহৰ সমীপৰ শংকৰী সংস্কৃতি সেৱা সংঘ মাজৰহাটীৰ বাকৰিত অনুষ্ঠিত হোৱা শ্ৰদ্ধাৰ্ঘ গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰপেটা সত্ৰৰ বৰ্তমানৰ ডেকাসত্ৰীয়া গৌতম পাঠক, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ অধিকাৰী আৰু বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে ৷ সভাত বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক কবীন্দ্ৰ নাথ দাস , প্ৰাক্তন শিক্ষক অজিত কুমাৰ দেৱান আৰু সত্ৰীয়া শিল্পী দীনেশ চন্দ্ৰ দাসেও বক্তব্য প্ৰদান কৰি ডেকাসত্ৰীয়া দাসৰ জীৱন কৃতিক সোঁৱৰণ কৰে ৷ সভাৰ পূৰ্বে ডেকাসত্ৰীয়া নৱজিৎ দাস পাঠকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে তেখেতৰ সহধৰ্মিনী অমিয়া দাসে ৷ সভা উদ্বোধনী বৰগীত পৰিবেশন কৰে বিশিষ্ট সত্ৰীয়া শিল্পী গুণীন্দ্ৰ নাথ ওজাই ৷

