ধুবুৰী জিলাৰ গৌৰীপুৰ উন্নয়ন খণ্ডৰ দুই পলাতক অভিযন্তাক ধুবুৰী আৰক্ষীৰ দল পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰাৰ ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে। ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতীম গগৈৰ নেতৃত্বত আৰক্ষীৰ দল আজি পশ্চিম বংগৰ পৰা এক গোপন সূএত পম খেদি অভিযন্তা ছাদ্দাম হুসেইন আৰু আব্দুল্লা আল মাছুদ মোল্লাক ধুবুৰী সদৰ থানাত পঞ্জীয়ন হৈ থকা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি ধুবুৰী সদৰ থানাত লৈ আহে।
এই সম্পর্কে ধুবুৰী সদৰ থানাৰ দায়িত্বত থকা বিষয়াই জনায়, যোৱা ৮ জুলাই তাৰিখত ধুবুৰী জিলা পৰিষদৰ পূৰ্বৰ কাৰ্য্য বাহী বিষয়া অনিমেষ তালুকদাৰ তথা তদন্ত কাৰী বিষয়া মেনৰেগা আচনীৰ বৃহৎ অৰ্থ দুই অভিযন্তা আত্মসাৎৰ তদন্তত ধৰা পৰাত ধুবুৰী সদৰ থানাত দুই অভিযন্তা আৰু এজন কৰ্মচাৰী সহ তিনি জনৰ নামত ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এই সম্পর্কে ভাৰতীয় আইপিচি ধাৰাত ১০৯৭/২১ নম্বৰত গোচৰ ৰুজু কৰে।
চৰকাৰী অৰ্থ আত্মসাৎ কৰাৰ অভিযোগত অভিযুক্ত গৌৰীপুৰ উন্নয়ন খণ্ডৰ দুই অভিযন্তা

