সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঠন হোৱা আজাদ হিন্দ ফৌজৰ অন্যতম প্ৰথম গোৰ্খা সেনা শ্বহীদ মেজৰ দুৰ্গা মল্লৰ ৭৭ তম্ বলিদান দিৱস খাউৰাঙ আৰু ওদালগুৰিত দিনযোৰা কাৰ্য্যসূচীৰে সম্পন্ন হয়। সদৌ অসম গোৰ্খা ছাত্র সন্থা খাউৰাঙ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু খাউৰাঙবাসী ৰাইজৰ সহযোগত খাউৰাঙত অৱস্থিত গোৰ্খা নাট্য ৰঙ্গভঞ্চ প্ৰাঙ্গণত থকা শ্বহীদ মেজৰ দূৰ্গা মল্লৰ বিশাল প্ৰতিমুৰ্তিত দ্বীপ প্ৰজ্বলন কৰে বিশিষ্ট সমাজসেৱক লীলা গুৰুঙে আৰু শ্বহীদ মেজৰ দুৰ্গা মল্লৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পণ কৰে ওদালগুৰি আৰক্ষী অধিক্ষক বিদ্যুত দাস বড়োয়ে। মাল্যাৰ্পণ কৰি বিদ্যুত দাস বড়োয়ে ভাৰত স্বাধীনৰ কাৰণে আত্মবলিদান দিয়া এনে মহান যোদ্ধাৰ প্ৰতি সন্মান জনাব পাই নথৈ আনন্দিত হৈছোঁ আৰু তেওঁক সশ্ৰদ্ধ নমন কৰিছোঁ বুলি উল্লেখ কৰি গোৰ্খা ছাত্র সন্থাই এনে মহান কাৰ্য্য কৰি দেশ স্বাধীন কৰা যোদ্ধাসকলৰ বলিদান দিৱস উদ্জাপন কৰাৰ বাবে আঞ্চলিক সমিতিকো ধন্যবাদ যাছিলো বুলি বক্তব্য আগবঢ়ায়।

ইপিনে অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ উদ্যোগতো জিলা সমিতিৰ মুখ্য কাৰ্য্যলয়ত থকা সভাকক্ষত ভাৰতীয় স্বাধীনতা সেনা শ্বহীদ মেজৰ দুৰ্গা মল্লৰ ৭৭তম্ বলিদান দিৱসট ২৫ আগষ্টত দিনযোৰা বিভিন্ন কাৰ্য্যসূচীৰে সম্পন্ন হয়। অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ কাৰ্য্যকৰি সভাপতি ভূৱন ধমালাই স্বহীদ মেজৰ দুৰ্গা মল্লৰ প্ৰতিকৃতিত দ্বীপ প্ৰজ্বলন কৰাৰ পিছত জিলা সমিতিৰ সভাপতি পৱন লুইটেলে শ্বহীদৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে। জিলা সমিতিৰ সাধাৰণ সম্পাদক পুৰ্ণকিৰাত ৰাইয়ে পুষ্পাঞ্জলী অৰ্পণ কৰাৰ লগতে শ্বহীদৰ আত্মবলিদান আৰু ভাৰতীয় গোৰ্খা সকলৰ দেশপ্ৰেমৰ কথা সদৰি উল্লেখ কৰে। অসম গোৰ্খা সন্মিলন, ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ উপ সভানেত্ৰী গীতা নিৰৌলা, সাংস্কৃতিক সম্পাদিকা হিমা ছেত্ৰী, শিক্ষা সম্পাদিকা পুজা গৌতম, খাংখ্লাবাৰী শাখা সমিতিৰ সম্পাদক ভুৱন মৈনালী, খাউৰাঙ ৰনেন্দ্ৰপুৰ শাখা সমিতিৰ সম্পাদক টেক বাহাদুৰ প্ৰধান, জিলা সমিতিৰ সম্পাদক লক্ষ্মণ কাৰ্কিৰ লগতে অন্যান্য শাখা সমিতিৰ বিষয়ববীয়াও শ্বহীদ মেজৰ দুৰ্গা মল্লৰ ৭৭তম বলিদান দিৱসত উপস্থিত থাকি বক্তব্য আগবঢ়ায়। ইপিনে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা খাউৰাঙ আঞ্চলিক সমিতিয়ে আয়োজন কৰা শ্বহীদ মেজৰ দুৰ্গা মল্ল স্মৃতি ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত ফাইনেল খেলত গোল্মাগাও গোৰ্খা য়ুথ ক্লাবক দুই -এক গ’লত পৰাস্ত কৰি সন্ধ্যাবাৰী এফ চি চেম্পিয়ন হয়। খেল পৰিচালনা সমিতিয়ে বিজয়ী দলক নগদ বিশ হাজাৰ টকা আৰু ট্ৰফী প্ৰদান কৰাৰ লগতে বিজিত দলক নগদ পোন্ধৰ শ টকাৰ লগতে ট্ৰফী প্ৰদান কৰে।

