নলবাৰী জিলাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত AASUৰ বিক্ষোভ

 সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ আহ্বানত আৰু পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থাৰ  উদ‍্যোগত ৰন্ধন গেছ আৰু অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নীলপুৰৰ চকত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়।অসম চৰকাৰ হায় হায়, খাদ্য সামগ্ৰী নিয়ন্ত্ৰণ কৰিব নোৱাৰা অসম চৰকাৰ হায় হায়, ইন্ধন জাতীয় সামগ্ৰী নিয়ন্ত্ৰণ কৰক আদি শ্লোগান আকাশ বতাহ কপায় তোলে প‌্ৰতিবাদ কাৰি সকলে। উক্ত কাৰ্যসূচীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰঞ্জিত শৰ্মা উপস্থিত থাকে, পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অমৰজ্যোতি দাসৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকল উপস্থিত থাকে

Related Articles