এটি সাত বছৰীয়া শিশুৱে দহটাকৈ মোবাইল এপ তৈয়াৰ কৰি দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

এটি সাত বছৰীয়া শিশু, নাম বিৰাজ কৌশাল। ডিগবৈস্থিত দিল্লী পাব্লিক স্কুলত অধ্যয়নৰত চতুৰ্থ শ্ৰেণীৰ মেধাৱী ছাত্ৰ গৰাকীয়ে নিজৰ অসাধাৰণ প্ৰতিভাৰ পৰিচয় দাঙি ধৰি তৈয়াৰ কৰি উলিয়াইছে দহটাকৈ মোবাইল এপ। লেখাপানীস্থিত সেনা ছাউনিত কৰ্মৰত সেনা বিষয়া সন্দীপ কৌশাল আৰু ডঃ দীপিকা কৌশালৰ সুযোগ্য সন্তান বিৰাজ কৌশালে নিজৰ অসাধাৰণ প্ৰতিভাৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। মাত্ৰ পাঁচ বছৰ বয়সৰ পৰাই মোবাইল এপ’ৰ প্ৰতি আকৰ্ষিত হোৱা বিৰাজক পিতৃ- মাতৃয়ে হাৰিয়ানাৰ গুড়গাঁওত থকা ৰৱ’জিনীয়াছ একাডেমিত এক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে। তাৰ পাছৰে পৰাই পিতৃ- মাতৃয়ে বিৰাজৰ বাবে উভতি চাব লগা হোৱা নাই। পাঁচ বছৰ বয়সৰ পৰাই বিৰাজে নিজ কৰ্মনিপুনতাৰ পৰিচয় দি বৰ্তমানলৈকে তৈয়াৰ কৰি উলিয়াইছে দহটাকৈ মোবাইল এপ।

শেহতীয়াকৈ বিৰাজে তৈয়াৰ কৰি উলিয়াইছে এক্সযাম এপ( exam app) নামেৰে এটি নতুন মোবাইল এপ। স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ যিকোনো প্ৰশ্নৰ উত্তৰ সহজতে পাব পৰাকৈ অতি সোনকালে গুগল প্লে ষ্টৰত এপ’টো উপলব্ধ হব বুলি বিৰাজৰ পিতৃ- মাতৃয়ে জানিবলৈ দিয়ে। ভৱিষ্যতে আৰু উন্নত মানৰ সকলোৰে গ্ৰহণযোগ্য এপ তৈয়াৰ কৰিব পৰাকৈ বৰ্তমান বিৰাজে প্ৰফেচনেল এপ ডেভেলপমেন্ট নামৰ প্ৰশিক্ষণ লৈ আছে। এই ক্ষেত্ৰত বিৰাজৰ মেণ্টৰ তথা প্ৰশিক্ষক ঋত্বিকা মেহেতাই যথেষ্ট সহায় কৰি অহাৰ বাবে বিৰাজৰ পিতৃ মাতৃয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।  বিৰাজে যাতে কোনো কাৰণতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলাই যাব বুলি প্ৰতিশ্ৰুতি বদ্ধ পিতৃ-মাতৃ। এই ক্ষেত্ৰত বিৰাজে যাতে সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰে তাৰ বাবে আমিও জনাইছো আন্তৰিক অভিনন্দন তথা শুভেচ্ছা।

Related Articles