নদীৰ পাৰত চকুলো মচি মচি পূজা অৰ্চনা,নাম-কীৰ্তন, মাহ-প্ৰসাদৰ শৰাই আগবঢ়াই মৰাণৰ আই-বোপাই সকলে কৰে নেদেখা জনলৈ প্ৰাৰ্থনা যাতে বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াৰ পৰা ৰক্ষা পায়। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মৰাণ সমষ্টিৰ অতি পিছপৰা কলখোৱা অঞ্চলৰ ইটাখুলি গাঁৱত জলদেৱতাক সন্তুষ্ট কৰিবলৈ আজি পুৰুষ-মহিলাই মাহ প্ৰসাদ শৰাই আগবঢ়াই কৰে কাতৰ প্ৰাৰ্থনা ।বুঢ়ীদিহিঙৰ গৰাখহনীয়াত সৰ্বশ্ৰান্ত হৈ পৰিত্ৰাণ বিচাৰি শৰাই নৈবেদ্য আগবঢ়োৱা কাৰ্যই চৰকাৰৰ জল বিভাগৰ চৰম ব্যৰ্থতাকে উদঙাই দিছে।ডিব্ৰুগড় মৰাণৰ এই অঞ্চলটোত বুঢ়ী দিহিং নদীৰ ভয়াবহ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে কলাখোৱা অঞ্চলৰ ৫৫ খনকৈ গাওঁৰ।খহনীয়াৰ কবলত ইতিমধ্যে জাহ গৈছে কৃষিভূমি।সৰ্বস্ৰান্ত হৈছে বহু পৰিয়াল।অৱশেষত আৰু কেৱল মাত্ৰ ১০ মিটাৰ খহি গলেই নিশেষ হ’ব দিহিং নদীত ৫৫ খন গাওঁৰ ৰক্ষা কবছ দিহিং নদীৰ মথাউৰিটো।চৰকাৰ তথা বিভাগীয় কতৃপক্ষই গড়াখহনীয়াৰ প্ৰতিৰোধৰ বাবে মাজেসময়ে বাহঁ-কাঠৰ পাৰ্কোপাইন সংস্থাপন কৰিছে যদিও ইতিমধ্যে সকলো খহনীয়াত জাহ গৈছে।গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে বছৰ বছৰ ধৰি বিভাগীয় কতৃপক্ষৰ ওচৰত দাবী জনাই অহাৰ পাছতো কোনো গুৰুত্ব আৰোপ নকৰাত চৰকাৰৰ প্ৰতি বিশ্বাস হেৰুৱাই নদীৰ পৰাত চকুলো মচি কান্দি শৰাই আগবঢ়ায় মৰাণ সমষ্টিৰ অতি দুৰ্গম ইটাখুলি, দিহিং থান গাওঁ,শিঙৰী, চৰাইবাহী আদি গাওঁ এই সকল বয়োজেষ্ঠ আই মাতৃয়ে।নদীৰ কাষত আঠু লৈ নেদেখা জনলৈ কাতৰ প্ৰাৰ্থনা কৰি গৰাখহনীয়াৰ ৰোধৰ বাবে কাকুতি-মিনতি কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…
- অসমৰ ভলীবল জগতত সূপৰিচিত চিনাকী নাম, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন সুদক্ষ ভলীবল খেলুৱৈ দীপক ওজা…
- শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…
- ২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…