টংলা উপডাকঘৰত গ্ৰাহকৰ জমা ধন হৰলুকি

বিটিআৰ ওদালগুৰি জিলাৰ অন্তৰ্গত টংলা স্থিত টংলা চাটগাৰী উপডাকঘৰত গ্ৰাহকৰ ধন হৰলুকি কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে গকুল দাস নামৰ কৰ্মচাৰী জনে দীৰ্ঘদিনে টংলা চাটগাৰি উপ ডাকঘৰত জমা থোৱা গ্ৰহকৰ ধন  পাচবুকত জমা ৰখাৰ পৰিৱৰ্তে গ্ৰাহকৰ ধন আত্মসাৎ কৰি আহিছে । যাৰ পৰিপেক্ষিতত আজি ভুক্তভোগী গ্ৰহকৰ পৰা সংশ্লিষ্ট ঘটনাৰ বিবৰণ জানিব পোৱা যায়।”উল্লেখ যে যোৱা ২০১৭ চনৰ পৰা টংলা চাটগাৰি উপডাকঘৰত প্ৰবিন কুৱৰ নামৰ এজন ব্যক্তিয়ে প্ৰতিমাহে ডাকঘৰ কৰ্মচাৰী গকুল দাসৰ দ্বাৰাই ডাকঘৰ পাচবুকত ধন সংগ্ৰহ কৰি আহিছিল যেতিয়ালৈকে গকুল দাসক টংলা ডাকঘৰৰ পৰা অইন ঠাইলৈ স্থানান্তৰ কৰা নাছিল।
কিন্তু কৰ্মচাৰী গকুল দাস যেতিয়া টংলা ডাকঘৰৰ পৰা অইন ঠাইলৈ স্থানান্তৰ কৰা হ’ল, তেতিয়া জমা থোৱা সৰ্বমুঠ টকাৰ ভিতৰতে হঠাৎ গ্ৰাহক প্ৰবিন কুৱৰৰ সাত হাজাৰ জমা ধন হৰলুকি হোৱাত ডাকঘৰ কৃতপক্ষক জনোৱা হয় যদিও বৰ্তমান গ্ৰাহকৰ ধন হৰলুকি হোৱাৰ ক্ষ্যত্ৰত কনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই আৰু এতিমধ্যে টংলা চাটগাৰি উপডাকঘৰত এনেধৰণৰ ধন হৰলুকি হোৱা ঘটনা কেইবাৰো হৈছে বুলি গ্ৰাহক জনৰ মুখৰ পৰা জানিব পৰা যায়।।কিন্তু এক প্ৰশ্ন উত্থাপন হয় কি কাৰণত গ্ৰাহকৰ জমা থোৱা ধন  এনে ধৰণে হৰলুকি হ’ব পাৰে ।এনেহেন কৰ্মচাৰী তথা ডাকঘৰ কতৃপক্ষক চৰকাৰে খনে কি ব্যৱস্থা ল’ব পৰৱৰ্তি পৰ্যায়ত সেয়াহে লক্ষণীয় হ’ব।

Related Articles