বাঘমাৰাত ভাদমহীয়া ভাগৱত পাঠৰ সামৰণি অনুষ্ঠান

নলবাৰী জিলাৰ  বাঘমাৰা গাঁৱৰ আলিকাষ চুবুৰী নামঘৰত আজি দিনযোৰা কাৰ্যসূচীৰে  ভাদমহীয়া ভাগৱত পাঠ,নাম সংকীৰ্তন,সম্বৰ্ধনা অনুষ্ঠান আদি অনুষ্ঠিত হয়। পবিত্ৰ ভাদ মাহ উপলক্ষে গোটেই ভাদ মাহটো উক্ত নামঘৰত অঞ্চলটোৰ পুৰুষ-মহিলাসকলে নাম কীৰ্তন কৰি আহিছিল। আজি সামৰণি অনুষ্ঠান হিচাপে ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ  লগতে  পূৱ-নলবাৰী মিলন আঞ্চলিক থিয় আৰু দিহা নাম দলৰ নাম প্ৰদৰ্শনে ৰাইজক আল্পুত কৰি তোলে।উক্ত অনুষ্হানত অঞ্চলটোৰ  জী-জোৱাই আৰু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। পৰিচালনা সমিতিৰ সভাপতি -সম্পাদক ক্ৰমে অমৰ কলিতা আৰু বিনোদ তালুকদাৰে আঁত ধৰা অনুষ্ঠানটিত  ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা, ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি মৃদুল কলিতাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব‍্যক্তিয়ে অংশগ্ৰহণ কৰে।

Related Articles