শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো- অপাৰেটিভ চ’চাইটি লিমিটেডৰ বঙাইগাঁও শাখা উদ্বোধন

বঙাইগাঁৱৰ দোলাইগাঁও প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণত দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো – অপাৰেটিভ চ’চাইটি লিমিটেডৰ বঙাইগাঁও শাখা কাৰ্যালয় উদ্বোধন কৰা হয় ৷ উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন বহুমুখী কাৰ্যসূচীৰ লগতে নিবনুৱা সংস্থাপন আৰু সংগীসকলৰ আৰ্থিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো- অপাৰেটিভ চ’চাইটি লিমিটেডে বিভিন্ন জিলাত শাখা স্থাপন কৰি আহিছে ৷ ইয়াৰ অংশ হিচাপে দেওবাৰে বঙাইগাঁও, কোকৰাঝাৰ আৰু বিজনী জিলা শাখাৰ সহযোগত দোলাইগাঁও প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণত চ’চাইটিৰ ২৫ সংখ্যক বঙাইগাঁও শাখাটো মুকলি কৰা হয় ৷ শাখা কাৰ্যালয়টো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ সংঘৰ পদাধিকাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘই সদায় ৰাইজৰ কাৰণে আৰু জনগণৰ কাৰণে কাম কৰি আহিছে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা মানৱ সেৱাৰ অনুষ্ঠান ৷ সেয়ে মানৱ সেৱাত যাতে খেলিমেলি নকৰো আৰু মানৱ সেৱা যাতে সম্পূৰ্ণকৈ কৰিব পাৰো সেই উদ্দেশ্যে ইয়ালৈ আহিছো ৷ তেওঁ লগতে কয় যে যি কোনো কামতে টকা পইচাৰ দৰকাৰ হয় ৷ কিন্তু সেই টকা সদভাৱে উপাৰ্জন কৰিব লাগিব আৰু খৰচ কৰিব লাগিব ৷ লগতে সদভাৱে কাম কৰিব লাগিব ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্বাস আছে আমি এই কাম কৰিব পাৰিম ৷ সংঘই ইতিমধ্যে অসমৰ বিভিন্ন জিলাত ২৪ টা শাখা মুকলি কৰিছে ৷ এইটো ২৫ নং শাখা মুকলি কৰা হৈছে ৷ এই ২৫ নং শাখাৰ যোগেদি যাতে বঙাইগাঁও , কোকৰাঝাৰ আৰু বিজনী এই তিনিখন জিলা শাখাৰ বাপ, আই মাতৃসকল বিশেষকৈ যিসকল নিবনুৱা আছে সেই নিবনুৱাসকলৰ যাতে উন্নতি হয় আৰু কৰ্মসংস্থাপন পায় তাৰ প্ৰতি গুৰুত্বাৰোপ কৰা হৈছে ৷ ইতিমধ্য ২৪ টা শাখাত ৫৪ জন কৰ্মচাৰী আছে ৷ তাৰোপৰি আঠ লক্ষ টকা ভকতে এই অনুষ্ঠান অৰ্থাৎ বেংকৰ পৰা ঋণ লৈ বিভিন্ন কামত খটুৱাইছে ,উন্নতি হৈছে ৷ সেয়ে এই তিনিখন জিলা শাখাৰ বাপ বান্ধৱসকলে কথাটো বুজি পাই তথা উপলব্ধি কৰি ইয়াত এটা শাখা খুলিছে ৷

এই শাখাৰ জৰিয়তে হাজাৰ হাজাৰ লোকৰ উন্নতি হ’ব আৰু হাজাৰ হাজাৰজনে কৰ্মসংস্থাপন লাভ কৰিব ৷ আনহাতে জনগোষ্ঠীয় লোকৰ মাজত শংকৰদেৱ সংঘ সোমাব পাৰিছে নে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে নিশ্চয় সোমাব পাৰিছে ৷ আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘত জাত – পাতৰ কোনো কথা নাই ৷ আমাৰ কথা হ’ল আমি সকলো মানুহ আৰু মানুহ হিচাপে সকলোৱে মিলি থাকি মানুহৰ উন্নতিৰ কাৰণে কাম কৰিম ৷ সেইদৰে সত্ৰ আৰু নামঘৰৰ মাটি বেদখল হোৱা সন্দৰ্ভত কয় যে যিসকলে বেদখল কৰিছে তেওঁলোকে তেনে অনাহক চিন্তা যাতে নকৰে ৷ লগতে  আমি চৰকাৰক অনুৰোধ জনাইছো যে যিবিলাক সত্ৰ অনুষ্ঠান আৰু যিবিলাক নাম ঘৰ আছে সেইবোৰ বেদখলমুক্ত কৰক ৷ ইপিনে সংঘৰ অধিৱেশন সন্দৰ্ভত  প্ৰধান সম্পাদক বাবুল বৰাৰ পৰা জানিব বিচৰাত তেওঁ কয় যে ক’ভিড পৰিস্থিতিৰ বাবে যোৱা বৰ্ষত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই অধিৱেশন অনুষ্ঠিত কৰিব নোৱাৰিলো ৷ অধিৱেশনখন ডিব্ৰুগড়ে অনুষ্ঠিত কৰাৰ কথা আছিল ৷ কিন্ত এইবেলি ১২ ছেপ্টেম্বৰত ডিব্ৰুগড়ত আমি আদৰণি সমিতি গঠন কৰিছো ৷ ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ নিকটৱৰ্তী ৰাঙলী পথাৰত এইবাৰ অধিৱেশ পতাৰ বাবে পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়িছো ৷ সমগ্ৰ অসমৰ ৰাইজক জনাব বিচাৰিছো যে চৰকাৰীভাৱে ক’ভিড সংক্ৰান্তীয় যি এছঅপি থাকিব বা নীতি – নিৰ্দেশনা থাকিব আৰু সেইখিনি সময়লৈকে যেনে হ’ব সেয়া মানি চলা হ’ব ৷ অৱশ্যে এইবাৰ নিশ্চিতভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ কিছু সীমিতকৰণৰ ব্যৱস্থা কৰা হ’ব ৷ তাত যিখিনি ব্যৱসায় – বাণিজ্য প্ৰতিষ্ঠানৰ কথা থাকে সেইখিনিও সীমিতকৰণ কৰা হ’ব আৰু কাৰ্যসূচীৰ ক্ষেত্ৰতো সীমিতকৰণ কৰিম ৷ এছঅপি সম্পূৰ্ণ মানি চলা হ’ব , ভেকচিনেচনৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ স্বাস্থ্য বিধি ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইবাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে ডিব্ৰুগড়ে সাজু হৈছে ৷ অধিৱেশন মানে দ্বিতীয় বৈকুণ্ঠ ৷ লক্ষ লক্ষ মানুহে এই অধিৱেশনলৈ অপেক্ষা কৰি থাকে ৷গতিকে তেওঁলোকে আশা কৰি আছে যে অধিৱেশনখন হ’ব লাগে ৷ পূৰ্বেই ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰাৰ বাবে দিন ঠিৰাং কৰা হৈছিল ৷ হয়তো এদিন কমিব পাৰে বা ইফাল সিফাল হ’ব পাৰে ৷ ইয়াৰ পূৰ্বে আমি এদিন বহি সকলো পৰিস্থিতিটো পৰ্যৱেক্ষণ কৰি আলোচনা কৰিম ৷ পৰিস্থিতিৰ সপক্ষেহে আমাৰ গোটেই কাৰ্যসূচী ৷ পৰিস্থিতিক বাদ দি আমি অনুষ্ঠান কৰাৰ চিন্তা নকৰো ৷ গতিকে পৰিস্থিতি যেনেকুৱা হ’ব সেইমতে আমি অনুষ্ঠান পাতিম ৷ উল্লেখ্য যে কাৰ্যালয় উদ্বোধনৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো- অপাৰেটিভ চ’চাইটি লিমিটেডৰ সভাপতি হৰেন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই উদ্বোধন কৰে ৷ সভাত পদাধিকাৰ কমলাকান্ত গগৈয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ৷ সভাত সংঘৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে চ’চাইটিৰ বিষয়ববীয়া, বঙাইগাঁও, কোকৰাঝাৰ আৰু বিজনী জিলা শাখাৰ  মূলৰ সদস্য, সংঘৰ তিনিওখন জিলা শাখাৰ সভাপতি আদিও উপস্থিত থাকে ৷ উল্লেখ্য যে কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা পৰিৱেশ নিকাকৰণ আৰু নাম – প্ৰসংগ অনুষ্ঠিত হয় ৷ 

Related Articles