ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বহুখিনি উন্নতি সাধন হোৱাৰ পিচত যাৱতীয় কৰ কাটল সমূহ আদায় কৰি ৰাজকোষ টনকিয়াল কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে । এই তৎপৰতাৰ অংশ হিচাপে আজি বাক্সা জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাই জিলা সদৰ মুছলপুৰস্থিত পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি জিলাখনৰ বাণিজ্যিক বাহনৰ লগতে ব্যক্তিগত বাহন সমূহৰ অনাদায় হৈ থকা কৰ সমূহ অহা ৩০ ছেপ্টেম্বৰৰ আগতে আদায় দিবলৈ বাহনৰ গৰাকীক আহ্বান জনায়। অন্যথা জিলা পৰিবহণ বিভাগে জিলাখনত থকা তেনে বাহনৰ বিৰুদ্ধে অতিৰিক্ত জৰিমনা বা বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰিছে । আনকি যিসকলে গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ স্মাৰ্ট কাৰ্ড কৰা নাই তেওঁলোককো অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়লৈ গৈ অনুজ্ঞা পত্ৰ সমূহ স্মাৰ্ট কাৰ্ডলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনাইছে। লগতে জিলাখনত অতিৰিক্ত বোজাই কঢ়িওৱা গাড়ীৰ বিৰুদ্ধে অভিযান চলি আছে আৰু অব্যাহত থাকিব বুলি মন্তব্য কৰি এনে বাহনসমূহৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে পৰিবহণ বিষয়াগৰাকীয়ে ৷ আনহাতে আগন্তুক উৎসৱৰ বতৰত আনন্দত মতলীয়া হৈ কোনোৱে অনিয়ন্ত্ৰিত গতিবেগত বাহন চলাই যাতে দুৰ্ঘটনা সংঘটিত নকৰে তাৰ বাবে আহ্বান জনাইছে জিলা পৰিবহণ বিষয়া গৰাকীয়ে ৷ এই সন্দৰ্ভত জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাই কয়, উৎসৱৰ সময়ত একাংশ চালকে নিশাৰ ভাগত সুৰাপান কৰি অনিয়ন্ত্ৰিত গতিবেগত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰাটো তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে । ফলত বহু উঠি অহা নতুন প্ৰজন্মৰ যুৱক হেৰাই যাবলগীয়া হৈছে । ইয়ে সমাজত ব্যাপক ক্ষতি সাধন কৰিছে । যাৰ বাবে জিলা পৰিবহণ বিষয়া বৰাই পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ বাবে চালক সকলক মদ্যপান নকৰি, ছিটবেল্ট ব্যৱহাৰ কৰি, গাড়ী চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰি, সদায় হেলমেট পৰিধান কৰিহে দুচকীয়া বাহন চলাবলৈ কৈ অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্যলৈ পৰিণত কৰিবলৈ সকলো পক্ষকে আহ্বান জনায় ৷ উল্লেখ্য যে জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাই জিলাখনৰ ঠায়ে ঠায়ে “যান বাহন কৰ পৰিশোধ কৰক, পৰিবহণ ব্যৱস্থা সুচল কৰক” এই আহ্বান তথা বাণীৰে বেনাৰ, হৰ্ডিং আদি আঁৰি বাহনৰ গৰাকী সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে জিলা পৰিবহণ বিষয়া গৰাকীয়ে কাৰ্যালয়টোৰ পৰা দালালৰাজ সমূলি উৎখাত কৰি সততে ৰাজ্যৰ ডিটিঅ’ অফিচসমূহত দালালৰ দপদপনি চলে বুলি থকা বদনাম আঁতৰোৱাৰ চেষ্টা কৰি জিলাবাসীৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ৷ ইপিনে বাক্সা জিলা পৰিবহণ বিভাগে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৰাজহৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে যদিও কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰী সকলে এতিয়াও বিভিন্ন সমস্যাৰ সম্মুখীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ কাৰ্যালয়টোত আজিলৈ নাই কোনো চৰকাৰী গাড়ী। কিয়নো বিভিন্ন সময়ত বৃহৎ জিলাখনত অবৈধ যান-বাহনৰ বিৰূদ্ধে অভিযান চলাবলৈ বা কোনো দুৰ্ঘটনা সংঘটিত হ’লে তদন্তৰ বাবে যাবলৈ বিভাগীয় বাহনৰ প্ৰয়োজন যদিও বিভাগীয়ভাৱে এখনো বাহন নাই বাক্সা জিলা পৰিবহণ বিভাগত । মালবাহী বাহন সমূহৰ ওজন পৰীক্ষণৰ বাবে জিলাখনত ৱেইটব্ৰীজ নথকাতো সময়ে সময়ে ভীষণ সমস্যাৰ সম্মুখীন হ’ব লগীয়া হৈছে কাৰ্যালয়টোৱে ৷ ইফালে বিষয়া-কৰ্মচাৰীৰ থকাৰ বাবে চৰকাৰী আৱাসৰ প্ৰয়োজন যদিও বাক্সা জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত নাই তেনে কোনো ব্যৱস্থা

