মৰিগাঁও জিলাৰ মনহাত থকা অসম গ্ৰামীন বিকাশ বেংকত নিজৰ জমা ধন উঠাবলৈ গৈ গ্ৰাহক সকলে যমৰ যাতনা ভূগিবলগীয়া হৈছে ৷ আজিৰ উৎকট গৰমত ঢলি পৰিল এজন বয়োজ্যেষ্ঠ গ্ৰাহক ৷ এই বৃহত্তৰ অঞ্চলৰ লোকসকল নিৰ্ভৰ এই বেংকৰ ওপৰত ৷ প্ৰায় দুই তিনিমাহ ধৰি বেংকৰ বিভিন্ন ধৰনৰ অসুবিধাৰ কাৰণে গ্ৰাহকে নিজৰ জমা টকা উঠাবলৈ গৈ ৬ /৭ পাৰ হৈ যোৱাতো ধনৰ লেনদেন কৰিব নোৱাৰাৰ অভিযোগ উঠিছে ৷ জানিব পৰামতে বেংকৰ UPS বিকল হৈ থকাৰ ফলত কাম চলাই নিয়াত কৰ্মচাৰী সকলে অসুবিধাৰ সন্মুখীন হব লগীয়া হৈছে ৷ বেংকত আপডেট নহয় পাচবুক , প্ৰায়ে নাথাকে ছাৰ্ভাৰ, বিদ্যুতৰ খেলি মেলি, বেংকৰ বহু মেচিন হৈ আছে বিকল , অফিচত নাই পৰ্য্যাপ্ত পৰিমানৰ কৰ্মচাৰী ৷ যাৰ বাবে গ্ৰাহক সকলে সময়মতে পাবলগীয়া সেৱা সমূহৰ পৰা বঞ্চিত হৈ আছে ৷ বেংকৰ উৰ্দ্ধতম কৰ্তৃপক্ষলৈ গ্ৰাহক সকলৰ অনুৰোধ যাতে অতিসোনকালে এই সমস্যা সমূহৰ সমাধান কৰি গ্ৰাহক সকলৰ টকা ওঠোৱাৰ বাবে সুবিধা কৰি দিয়ে ৷ অন্যথা ক্ষোভিত গ্ৰাহক সকলে বেংকত তলা উলমাবলৈ বাধ্য হব বুলি সকীয়াই দিয়ে ৷

