-তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত পাহাৰপুৰত পৰ্য্যটনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি মুকলি কৰা হয় অফ ৰোড এডভেন্সাৰ চাফাৰী ৰিজৰ্ট । পাহাৰপুৰৰ দুজন উদ্যমী যুৱক ক্ৰমে সোতই চেমা আৰু অবিকা চেমাই অঞ্চলটোৰ প্ৰতি পৰ্য্যটক সকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰি উলিয়ালে সুসজ্জিত ৰিজৰ্টখন। এক সুন্দৰ প্ৰাকৃতিক মনোমোহা পাহাৰীয়া পৰিবেশেৰে পৰিবেষ্টিত ঠাইত গঢ়ি তোলা ৰিজৰ্ট খনে যেন সকলোকে হাতবাউলি মাতিছে। টিৰাপ গেট চেণ্ট্ৰেল বেংকৰ কাষৰ পথটোৰে তিনি কিলোমিটাৰ আগবাঢ়ি গলেই দেখা পোৱা যায় আটক ধুনীয়া ৰিজৰ্ট খন। কোনো ধৰণৰ কৃতিমতা প্ৰয়োগ নকৰাকৈ প্ৰাকৃতিক ভাৱে উৎপাদিত সামগ্ৰীৰে নিৰ্মিত ৰিজৰ্ট খনত গঢ়ি তোলা হৈছে এটা ভিউ পইণ্ট, এই ভিউ পইণ্ট’ৰ পৰা বহু দূৰলৈ প্রকৃতিৰ সেউজ মনোমোহা দৃশ্য উপভোগ কৰাৰ উপৰিও সূৰ্য্য অস্ত যোৱাৰ এক নান্দনিক পৰিবেশ উপভোগ কৰিব পৰা যায়। উক্ত ৰিজৰ্ট খনত নাগা হাট নামেৰে এখন ৰেষ্টোৰাও গঢ়ি তোলা হৈছে যত উপলব্ধ থাকিব সুস্বাদু জনগোষ্ঠীয় খাদ্যসম্ভাৰ। ইয়াৰোপৰি ৰিজৰ্ট খনত উপলব্ধ থাকিব প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পৰাকৈ প্ৰায় তিনি কিলোমিটাৰ দূৰত্বৰ অফ ৰোড জিপ চাফাৰী। উক্ত ৰিজৰ্ট খনৰ উদ্যোগতা সকলে ভৱিষ্যতে ৰিজৰ্ট খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যেনে ধৰণৰ পৰিকল্পনা হাতত লৈছে সেই পৰিকল্পনা সফল কৰি তুলিব পাৰিলে নিঃসন্দেহে অঞ্চলটোক যে পৰ্য্যটনৰ ক্ষেত্ৰত এক নতুনমাত্ৰা প্ৰদান কৰিব সেইয়া নিশ্চিত। এই চেগতে দুয়োগৰাকী উদ্যোক্তালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো যাতে তেখেতসকলৰ এই যোগাত্মক চিন্তাধাৰাই অসমৰ পৰ্য্যটন ক্ষেত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত কিছু হলেও অৰিহণা যোগাব পাৰে আৰু লগতে লেখাপানীৰ পৰ্য্যটন ক্ষেত্ৰখনো পৰ্য্যটকৰ বাবে আকৰ্ষণৰ থলী হিচাপে গঢ় লৈ উঠক।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…
- হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…