যোৱা ৯ অক্টোবৰ ২০২১ তাৰিখৰ পৰা ১১অক্টোবৰ ২০২১তাৰিখলৈ সমগ্ৰ অসমতে মেগা ভেকচিনেচন কাৰ্যসূচী আৰম্ভ হয়।সেই মৰ্মে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রৰ অধীনৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত তিনি দিনীয়া মেগা ভেকচিনেচন কাৰ্যসূচী সুকলমে সম্পূৰ্ণ হয়। তিনি দিনীয়া মেগা ভেকচিনেচন কাৰ্যসূচীত মুঠ ১৯৮ গৰাকী হিতাধীকাৰীয়ে ক’ভিড ভেকচিন গ্ৰহণ কৰে।ইয়াৰে ১৪৭ গৰাকী হিতাধীকাৰীয়ে প্ৰথম পালি আৰু ৫১ গৰাকীয়ে দ্বিতীয় পালি গ্ৰহন কৰে।আজিলৈ সৰ্বমুঠ ৬৫৪৮ গৰাকীক ক’ভিড ভেকচিন দিবলৈ সক্ষম হৈছে। ৯অক্টোবৰ ২০২১ তাৰিখে ওদালগুৰি জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অভিজিৎ বসু আৰু ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রৰ বিপিএম পংকজ কুমাৰ সভাপণ্ডিতে পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচী নিৰীক্ষন কৰাৰ লগতে গৰ্ভৱতী মহিলা আৰু দুগ্ধপান মাতৃ সকলক ক’ভিড ভেকচিন প্রদান কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়ায় ৷আনহাতে ১১অক্টোবৰ ২০২১তাৰিখে ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ প্ৰীতি ৰেখা শইকীয়া , বি ছি এম আৰু ব্লক coordinator ৰে ভেকচিনেচন কাৰ্যসূচী নিৰীক্ষন কৰে লগতে এছ ডব্লিউ বিপ্লৱ জ্যোতি ডেকা উপস্থিত থাকে। ১০ অক্টোবৰ ২০২১ তাৰিখে মাজৰ চুবা গাওঁত স্বাস্থ্যকৰ্মী সকলে ঘৰে ঘৰে গৈ ভেকচিন প্রদান কৰিছে। মেগা ভেকচিনেচন কাৰ্য্যসূচীত জড়িত সেৱক,সেবিকা সকল ডাঃ স্নেহাস্মিতা ঘোষ, বীৰেন্দ্ৰ হাজং,মুনু দাস,ৰীছা দৈমাৰী, ৰিংকু দৈমাৰী, ছফিউৰ ৰহমান ,গোপী এ চাংমা,শিক্ষক পৰশু ৰাম উপাধ্যায় । যি সকল হিতাধীকাৰীয়ে তিনি দিনীয়া মেগা ভেকচিনেচন কাৰ্যসূচীত আহি তেওঁলোকৰ ক’ভিড ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকক পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে ধন্যবাদ জ্ঞাপন কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ‘হাল্লা ব’ল’ৰে উদ্ভাসিত এ চি এ ষ্টেডিয়ামঃ মহানগৰীত আই পি এলৰ উন্মাদনা
- USTM ত আন্তৰ্জাতিক নাৰ্ছ দিৱস উদযাপন
- মন্ত্ৰী পীযুষ হাজৰীকাৰ মহানুভৱতা, তিনিটা কণমানিৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে ব্যক্তিগত প্ৰয়াসত ব্যৱস্থা গ্ৰহণ
- অভিলেখ সৃষ্টিকাৰী ৩.২৭ লাখ পৰ্যটকৰ আগমণ হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই সংযোজনে এক নতুন মাত্ৰা প্ৰদান কৰিব: মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
- অসমৰ এই ১৯ খন জিলালৈ সতৰ্কবাণী ! মুষলধাৰ বৰষুণৰ লগতে ঘণ্টাত ৪০-৫০ কিলোমিটাৰ গতিত আহিব ধুমুহা…
- গ্ৰাম্যাঞ্চলত সক্ৰিয় গৰু চুৰি চক্ৰ ! থানাই থানাই গৰুৰ গৰাকীয়ে দাখিল কৰিছে চুৰি হোৱা গৰুৰ অভিযোগ…
- গুৱাহাটীৰ লখৰাৰ পিঠাগুৰিৰ ১০নং গৃহত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ…
- চাৰণ বিলৰ মনোৰম পৰিৱেশত ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰকৃতি সজাগতা শিবিৰ, বন ধ্বংসৰ দৰে অবিবেচকী কাম-কাজৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ আহ্বান জিলা আয়ুক্তৰ…
- এ আই ইউ জ’নেল আন্তঃ বিশ্ববিদ্যালয় উডবল টুৰ্নামেণ্টঃ ১ টা সোণ, ২ টা ব্ৰঞ্জৰ পদেকেৰে ভূপালত জিলিকিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়
- ভাৰতীয় ক্ৰিকেট দলে শীঘ্ৰে নতুন প্ৰশিক্ষক লাভ কৰাৰ সম্ভাৱনা…