যোৱা ১৪ অক্টোবৰত সমগ্র অসমৰ লগতে মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিতো শাসকীয় মিত্রজোঁট চৰকাৰৰ অগপ দলৰ ৩৭ তম প্ৰতিষ্ঠা দিবস উলহ মালহেৰে উদযাপন কৰা হয়। কাৰ্যসুচীৰ শুভাৰম্ভ কৰে জাতীয় সংগীত পৰিবেশন কৰাৰ পিছত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, শ্বহীদ তৰ্পন, দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ ওপৰত বিশেষ আলোচনা ৰখা হয়। পতাকা উত্তোলন কৰে অগপ দলৰ কেন্দ্রীয় সংখ্যালঘু সম্প্রদায়ৰ সভাপতি তথা সাংগঠনিক সম্পাদক আবু বক্কৰ ছিদ্দিক দেৱৰ লগতে লাহৰীঘাট বিধান পৰিষদৰ প্ৰাক্তন সম্পাদক নৱজ্যোতি বৰুৱাই। শ্বহীদ বেদীত শ্বহীদ তৰ্পন কৰে শ্বহীদ পৰিয়ালৰ সদস্য তথা বিধান পৰিষদৰ প্ৰাক্তন উপ সভাপতি উমেশ চন্দ্র ডেকা আৰু তিলক ডেকাই। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত দলীয় কৰ্ম কৰ্তা সকলৰ ওপৰিও প্ৰাক্তন উপ সভাপতি মিৰাজ আলী, ৰাজেন বৰা , বিশিষ্ট কৰ্মী চাজাহান আহমেদৰ লগতে বহু গন্যমান্য ব্যক্তি সকল উপস্থিত আছিল।

