অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ অক্টোবৰ মাহৰ সাহিত্য আলাপ ‘বিৰিণা বৈভৱ’ শীৰ্ষক অনুষ্ঠান কালি সন্ধিয়া নলবাৰী জিলাৰ দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত হৈ যায় । গোষ্ঠীটোৰ নলবাৰী আৰু বৰপেটা জিলাৰ কেইবাগৰাকী সদস্যৰ উপস্থিতিত অনুষ্ঠিত বিৰিণা বৈভৱ অনুষ্ঠানত অসমীয়া সাহিত্যৰ কাণ্ডাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন উপলক্ষ্যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিচাৰণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয় । বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত “বিৰিণা বৈভৱ” আৰু “স্মৃতিচাৰণ সভা”খনত ৰসৰাজৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে গোষ্ঠীটোৰ উপদেষ্টা ৰোহিণী কুমাৰ দাস আৰু ৰসৰাজৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট কবি জিয়াউৰ ৰহমানে । উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে । বিৰিণা বৈভৱ অনুষ্ঠানটোত ৰমনী নাথ, আতিকুৰ ৰহমান, খঞ্জনজ্যোতি পাঠক, ছাহজাহান আলী, জেহেৰুল ইছলাম, জয়ন্ত ডেকা, দেৱজিৎ নাথ, ছাহনুৰ আলী, ছেলিম মালিক, মুকিবুল ইছলাম আদিয়ে কথা-কবিতাৰে অনুষ্ঠানটো জীপাল কৰাৰ লগতে গোষ্ঠীটোৰ উপদেষ্টা ৰোহিণী কুমাৰ দাস আৰু বিশিষ্ট কবি জিয়াউৰ ৰহমানে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন-দৰ্শন আৰু সাহিত্যৰাজিৰ বিষয়ে বক্তব্য প্ৰদান কৰে ৷ লীলাধৰ পাঠকে সভাপতিৰ বক্তব্যত বেজবৰুৱাৰ চিন্তাৰ পৰিধি আৰু কল্পনাৰ বিস্তৃতিৰ ওপৰত প্ৰণালীবদ্ধ আৰু পক্ষপাতহীন আলোচনাৰ প্ৰয়োজন বুলি দোহাৰে । ভাষণ প্ৰসংগত সভাপতিয়ে অহা ১৮ নবেম্বৰত বৰক্ষেত্ৰীৰ বৰতলা গাঁৱত গোষ্ঠীটোৰ সাহিত্য আলাপ অনুষ্ঠানৰ লগতে ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস পালন কৰা হ’ব বুলি উল্লেখ কৰে । অসম সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…
- অসমৰ ভলীবল জগতত সূপৰিচিত চিনাকী নাম, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন সুদক্ষ ভলীবল খেলুৱৈ দীপক ওজা…
- শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…
- ২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…