ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিৰ প্ৰাণ কেন্দ্ৰ ৰাজগড় দৈনিক বজাৰ আৰু চুপাৰ মাৰ্কেট দূৰ্গাপূজা সমিতিয়ে সাংবাদিক তথা দূৰ্গাপূজা সমিতিখনৰ প্ৰাক্তন সভাপতি অমৰজ্যোতি আৰন্ধৰাক বৃহস্পতিবাৰে এক অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে।এই অনুষ্ঠানতে সমিতিখনৰ অন্য এগৰাকী প্ৰাক্তন সভাপতি অসিত সেনকো দূৰ্গাপূজা সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষে পূজাৰ স্থলীত দূৰ্গাপূজা উদ্যাপন সমিতিৰ সভাপতি তথা টিপমীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেন ভট্টৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা টিংখাং বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক এতোৱা মুণ্ডা,ৰাজগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাস,সাংবাদিক মনোজ সিং প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে।সভাত উদ্যাপন সমিতিৰ কাৰ্যকৰী সভাপতি নিখিল বৰুৱা, বিত্ত আৰু পৰিকল্পনা বিভাগৰ সম্পাদক নীৰৱ লিকচন,সম্পাদক লক্ষণ পাল,অনুপ জয়ছোৱালসহ সমূহ ব্যৱসায়ী তথা বিষয় ববীয়াৰ লগতে বহুসংখ্যক স্থানীয় লোক উপস্থিত থাকে।এইবাৰ দূৰ্গাপূজাৰ মণ্ডপস্থলী আগবঢ়োৱা স্থানীয় ব্যৱসায়ী মুনু বাচাক অনুষ্ঠানত উদ্যাপন সমিতি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।উল্লেখ্য যে ৰাজগড়ৰ মাজমজিয়াত থকা চুপাৰ মাৰ্কেটখনত বিগত পোন্ধৰ বছৰ ধৰি দূৰ্গাপূজা অনুষ্ঠিত হৈ আহিছে।এই পূজাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আৰম্ভণিতে সাংবাদিক অমৰজ্যোতি আৰন্ধৰা,ব্যৱসায়ী অসিত সেন,বিমল দে’,মুক্তিনাথ জয়ছোৱাল প্ৰমুখ্যে কেবাগৰাকী ব্যক্তিয়ে উদ্যোগ গ্ৰহণ কৰিছিল।আনহাতে ৰাজগড়কে ধৰি সমগ্ৰ টিংখাং অঞ্চলত অনুষ্ঠিত প্ৰায় কুৰিখন দূৰ্গাপূজা অতি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…
- ২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…
- গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…
- ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…
- সাৱধান! খালী পেটেৰে দিনটোলৈ ঘৰৰ পৰা বাহিৰলৈ যায় নেকি? সোনকালে হ’ব পাৰে ৰুগীয়া…
- জেআাইচি ইন্টাৰনেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা অনুষ্ঠিত…
- অনুৰাগী অবাকঃ ভঙা হাতেৰে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…