বাঘবৰৰ ১৩৯৩ নং আলোপতি ফকিৰপাৰা প্ৰাঃ বিদ্যালয়ত পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

বাঘবৰ সমষ্টিৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ১৩৯৩ নং আলোপতি ফকিৰপাৰা প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন আৰু বিদ্যালয় আন্তঃগাঁথনিৰ শিতানত  প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে আজি বিদ্যালয় চৌহদত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰধান শিক্ষক কাজী ৰাহিনুৰ ৰহমানৰ দুৰ্নীতি সন্দৰ্ভত ৰাইজে পূৰ্বেতে সংশ্লিষ্ট উৰ্ধতম কতৃপক্ষক মৌখিক-লিখিত অভিযোগ দিছিল যদিও কোনো ফল নধৰাত ৰাইজে এই প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰধান শিক্ষক গৰাকীৰ দুৰ্নীতিত বিদ্যালয় পৰিচালনা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি আলী আকবৰে অৰিহণা যোগাই থকা বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে। ৰাইজৰ অভিযোগৰ পাছতো প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক লগত ৰাখি শিক্ষানুষ্ঠান খনত  লুণ্ঠনৰাজ অব্যাহত ৰখা বুলিও সৰৱ চৰ্চা চলিছে। প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ বাবে বিদ্যালয় খন সোণৰ কণী পৰা হাঁহ সদৃশ হৈ পৰা বুলিও ৰাইজৰ অভিযোগ। বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ধন,ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম’ৰ ধনকে আদি কৰি সকলোতে বিয়াগোম দুৰ্নীতি কৰি সকলোতে প্ৰধান শিক্ষক কাজী ৰাহিনুৰ ৰহমান আৰু বিদ্যালয় পৰিচালনা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি আলী আকবৰৰ বিৰুদ্ধে ৰাইজ সোচ্ছাৰ হৈ তদন্ত আৰু শাস্তিমুলক ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাইজে এই প্ৰতিবাদ সাৱ্যস্ত কৰে। 

Related Articles