১৫ অক্টোবৰত দিনজোৰা কাৰ্যসূচীৰে ওদালগুৰিৰ শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ টি উদযাপন কৰা হয়।এই উপলক্ষে পুৱা ৪বজাত হেমজিৎ দাস আৰু অৱনী ভকতৰ পৰিচালনাত প্ৰভাতফেৰী কৰা হয়।পুৱা ৯ বজাত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আৰু মধ্য ওদালগুৰি ৰাজহুৱা ৰাখাল নামঘৰৰ ভক্ত বৃন্দই দ্বাৰা থাপনা গৃহত ভাগৱত স্থাপন আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। ৯.৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি চুছেন ওজাই।পুৱা ১১ বজাত শংকৰী নামধৰ্ম প্ৰচাৰ সমিতি আৰু মণিকাঞ্চন মিলন সমাজৰ দ্বাৰা থাপনা গৃহৰ সম্মুখত থিয়নাম প্ৰদৰ্শন।দিনৰ ১২ বজাত ভাগৱত লৈ নগৰ পৰিভ্ৰমন উদ্বোধন কৰে ডালিম বায়নে ।ইয়াৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ সত্ৰত নাম প্ৰসংগ আৰু বিষয় প্ৰসাদ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়।

