৪নবেম্বৰত অসম ৰাজ্যিক ভাৰতীয় জনতা যুৱ মৰ্চাৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ সকলো জিলাতেই ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক যুৱমৰ্চাই থলুৱা সামগ্ৰীৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰাৰ লগতে মাটি চাকি বিতৰণ কৰি ৰাইজৰ মাজত সচেতনতা অনাৰ প্ৰয়াস কৰাৰ সমান্তৰালকৈ ওদালগুৰি জিলা যুৱ মৰ্চাৰ সহযোগীতাতো থলুৱা অৰ্থনীতি মজবুত কৰা আৰু থলুৱা শিল্পসমূহ জীয়াই ৰখাৰ উদ্দেশ্যেৰে একে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে । ৪নবেম্বৰত ভাৰতীয় জনতা পাৰ্টী ওদালগুৰি জিলা যুৱমৰ্চাৰ সহযোগত মাটিৰ চাকি-বাতি বিতৰন কৰা হয় । উক্ত কাৰ্য্যসূচীত ওদালগুৰি জিলা যুৱমৰ্চাৰ প্ৰভাৰী বিশ্বজিৎ হাজৰিকা, ৰাজ্যিক তথ্য আৰু প্ৰযুক্তি বিভাগৰ সহ আহবায়ক দিপজ্যোতি ডেকা ওদালগুৰি জিলা ওদালগুৰি পৌৰ সভাৰ উপাধক্ষ্য প্ৰাচুৰ্য্য দাস , ওদালগুৰি জিলা যুৱমৰ্চাৰ সাধাৰণ সম্পাদক শ্ৰীযুত সমৰ হাজৰিকা যুৱমৰ্চাৰ বিষয় ববীয়া অমৰ দাস,ৰোসন কুমাৰ সাহ,তোলেশ্বৰ বসুমতাৰী, গীতাঞ্জলী ছেত্ৰী, ডিগেন কোছ , সৰলা দাস,বিৰেঞ্চি চৌধুৰী, মণ্ডলৰ বিষববিয়া নিতুল মালিয়া,অনুপম শৰ্মা, ভক্ত গৌতম কে আদি কৰি বিজেপি দলীয় কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে । যুৱমৰ্চাই লোৱা এই প্ৰসংসানীয় পদক্ষেপক ওদালগুৰি বাসী ৰাইজে শলাগিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজি দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন, ভাগ্য নিৰ্ণয় হ’ব ৰাজনাথ সিং, স্মৃতি ইৰাণী; ৰাহুল গান্ধীৰ…
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…