অসম সাহিত্য সভাৰ উপসভাপতি তথা আদৰ্শময়ী মাতৃ মৃণালিনী দেৱী বহুকেইটা কাৰ্যসূচী লৈ আজি পুৱা ১০বজাত মাজুলীত উপস্থিত হয় | তাৰেই অংশ হিচাপে দিনৰ ১১ বজাত শ্ৰী শ্ৰী ভোগপুৰ সত্ৰত অনুষ্ঠিত এখনি গাম্ভীৰ্যপূৰ্ণ সভাত অসম সত্ৰ মহাসভাৰ ভাতৃ সংগঠন সমন্বিত যুৱতীৰ্থ, অসমৰ মাজুলী জিলা সমিতি তৰফৰ পৰা সাহিত্যিকগৰাকীলৈ গামোচা, চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে এক বিশেষ আদৰণী পৰ্ব সম্পন্ন হয় | শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ তথা সমন্বিত যুৱতীৰ্থ, অসমৰ মাজুলী জিলা সমিতিৰ সভাপতি উৎপল মহন্ত, মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক তথা সমন্বিত যুৱতীৰ্থ, অসমৰ মাজুলী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মনোজ্যোতি ৰেগন, জিলা সম্পাদকদ্বয় ক্ৰমে শংকুসিদ্ধ নাথ আৰু চন্দন গোস্বামী, সাংস্কৃতিক সম্পাদক গোলাপ চন্দ্ৰ নাথ প্ৰমুখ্যে বিষয়ববীসকলে সহযোগিতা আগবঢ়োৱা অনুষ্ঠানটিত মাজুলীৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, সচেতন ব্যক্তিসকল উপস্থিত থাকি সাহিত্যিকগৰাকীক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে | সাহিত্য অকাদেমি অনুবাদ সাহিত্য বঁটা প্ৰাপক পুত্ৰ দিগন্ত বিশ্ব শৰ্মাৰ সংগত অসম সাহিত্য সভাৰ উপসভাপতি মৃণালিনী দেৱীয়ে মাজুলীত উপস্থিত হৈ পৰম সন্তোষ লাভ কৰাৰ লগতে মাজুলীবাসীৰ মৰম আৰু আতিথ্যত মুগ্ধ হৈ আকৌ মাজুলীলৈ অহাৰ ইচ্ছা ব্যক্ত কৰে |Attachments area
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গৰমৰ বতৰত আমৰ ঔষধি গুণৰ বিষয়ে জানক…
- কাকপথাৰৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী…
- সমকামিতাৰ বিৰুদ্ধে ইৰাকত নতুন আইন গৃহীত, সমকামীক বিহা হ’ব ১৫ বছৰৰ কাৰাবাস…
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স নিফ্টী দ্ৰুত গতিত বৃদ্ধি…
- হাৰিয়ানাত উদ্ধাৰ ৪০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি…
- যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক…
- শিমলুগুৰিত ট্ৰেক্টৰৰ চেপাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু…
- মৰিগাঁৱত নিৰ্বাচনৰ যোগ বিয়োগৰ চৰ্চাৰ মাজতে বিভিন্ন মহলত বিশেষ ভাৱে চৰ্চিত হৈছে জিলা খনৰ উপায়ুক্ত দেৱাশীষ শৰ্মা…
- তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব পাৰিবনেঃ কৰ্ণাটক কলেজৰ ছাত্ৰীৰ হত্যাক লৈ কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
- মুখৰ অতিৰিক্ত নোমৰ বাবেই দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক ট্ৰ’ল! প্ৰাচীৰ কাষত থিয় হ’ল প্ৰিয়ংকা…