দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বর্ষপূৰ্তিৰ লগত সংগতি ৰাখি পালন কৰি অহা “আজাদি কা অ মৃত মহোৎসৱ” উপলক্ষে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’ই ১৪ অক্টোবৰত নতুন দিল্লীৰ পৰা দেশজুৰি আৰম্ভ কৰিছিল মটৰ চাইকেল ৰেলী । ৭৫ দিনত ২০,০০০ কিঃমিঃ যাত্ৰা পথ এই অতিক্ৰম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা ৰেলীত বি আৰ অ’ৰ বিভিন্ন পদমৰ্যাদাৰ ৭৫ জন জন বিষয়া , জুনিয়ৰ কমিচনড বিষয়া , নন কমিচনড বিষয়াই ভাগ লৈছে । ৰেলীত ভাগ লোৱা মটৰ চাইকেল ৰাইডাৰ সকলে ভাগে ভাগে দেশৰ দুৰ্গম স্থান সমূহলৈ যাত্ৰা কৰিছে । এই ৰেলীত ভাগ লোৱা ১৫ জনীয়া এটা দল কালি সন্ধিয়াৰ ভাগত পশ্চিমবঙ্গৰ হাচিমাৰাৰ পৰা প্ৰায় ৩৪০ কিঃমিঃ যাত্ৰা পথ অতিক্ৰম কৰি গুৱাহাটীৰ লংকেশ্বৰত থকা বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ত আহি উপস্থিত হয় । নিশাটো পূব মণ্ডল মুখ্য কাৰ্যালয়ত থকাৰ পাছত দলটোৱে আজি পুৱা তেজপুৰলৈ যাত্ৰা কৰে । পুৱা পতাকা জোকাৰি তেজপুৰ অভিমুখে যোৱা দলটোৰ যাত্ৰাৰ শুভাৰম্ভ কৰে বি আৰ অ’ৰ পূব মণ্ডলৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান ( ডি ডি জি ) শ্যামন্ত ৰায়ে । তেজপুৰৰ পৰা দলটোৱে অৰুণাচল প্ৰদেশৰ ভাৰত – চীন সীমান্ত অভিমুখে যাত্ৰা কৰিব । দলটোত দুজন কমিচনড বিষয়া , এজন জুনিয়ৰ কমিচনড বিষয়া আৰু ১০ জন নন কমিচনড তথা অন্যান্য পদবীৰ কৰ্মচাৰীয়ে ভাগ লৈছে । উল্লেখযোগ্য যে অহা ২৭ ডিচেম্বৰত এই ৭৫ দিনীয়া যাত্ৰাৰ সামৰণি পৰিব বুলি বি আৰ অ’ৰ সূত্ৰত প্ৰকাশ ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…