শিৱসাগৰ জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে যোৱা ৭ নৱেম্বৰত ভটিয়াপাৰত অনুষ্ঠিত সাংগঠনিক দক্ষতাৰ ভিত্তিত ডিমৌ শাখা কবি সন্মিলনক ২০১৯-২১ বৰ্ষৰ “দ্বিতীয় শ্ৰেষ্ঠ শাখা” হিচাবে স্বীকৃতি প্ৰদান কৰে। জিলা সম্পাদক প্ৰশান্ত কুমাৰ নাথে আঁতধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া,উপ-সভাপতি হৰেন গগৈ,প্ৰধান সম্পাদক উজ্জ্বল পাওগাম, প্ৰাক্তন সভাপতি তথা কবিপ্ৰাণ প্ৰেম গগৈ, প্ৰাক্তন সভাপতি তথা বিশিষ্ট আবৃত্তিকাৰ জুলিয়ানা বেগম, প্ৰাক্তন প্ৰধান সম্পাদক তথা বিশিষ্ট কবি গংগামোহন মিলি,বিশিষ্ট লেখিকা দীপ্তিময়ী বুঢ়াগোহাঁই গগৈ। বিশিষ্ট অতিথিসকলক সংগ দিয়ে জিলা সভাপতি ত্ৰিদীপ কুমাৰ বৰগোহাঞি,উপ-সভাপতিদ্বয় ক্ৰমে তৰুণ চন্দ্ৰ নাথ আৰু অশ্ৰুমণি দত্ত ঘোষে । উল্লেখ্য যে, ২০১৯-২০২১ বৰ্ষৰ সভাপতি জিতেন নাথ, সম্পাদক অভিজিত গগৈৰ নেতৃত্বত ডিমৌ শাখা কবি সন্মিলনে ভিন্ন কাৰ্যসূচীৰ জৰিয়তে ডিমৌত এটা সুন্দৰ কাব্যিক পৰিমণ্ডল গঢ়ি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাৰ লগতে আৰ্তজনক সহায়ৰ হাত আগবঢ়াইছে।ইতিপূৰ্বেও, সাংগঠনিক দক্ষতাৰ ভিত্তিত ডিমৌ শাখা কবি সন্মিলনে ২০১৭-১৯ বৰ্ষৰ “দ্বিতীয় শ্ৰেষ্ঠ শাখা” হিচাবে স্বীকৃতি লাভ কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…
- শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ সম্পৰ্ক অভিযানৰ শুভাৰম্ভ…
- ৩৯ সংখ্যক চৰকাৰী পেঞ্চনাৰ সন্থাৰ সাধাৰণ অধিৱেশনত শিক্ষাবিদ ডঃ হিতেশ ডেকা…
- ৰাজ্যিক ফুটছাল চেম্পিয়ন গুৱাহাটী চিটী এফচিক প্ৰাইজমানী প্ৰদান…
- এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…