গোসাইগাঁও মহকুমাৰ ভাৰত- ভূটান সীমান্ত এলেকাৰ ৰায়মোনা অঞ্চলৰ দুই গৰাকী নাবালিকা দুই পাষণ্ডৰ হাতত ধৰ্ষিতা হবলগীয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সীমান্ত এলেকাত ৷প্ৰাপ্ত বাতৰি মতে যোৱা ৭ নৱেম্বৰত ৰায়মোনা অঞ্চলৰ দুই গৰাকী নাবালিকা ছোৱালী কুমগুৰীত ফুৰিবলৈ যায় ৷ আকৌ কুমগুৰীৰ পৰা নিজ গৃহলৈ উভতি অহাৰ পথত ই – ৰিক্সা চালক ৰোমিঅ কেৰকেটা আৰু অৰ্জুন নাৰ্জাৰীয়ে নাবালিকা ছোৱালী দুজনীক ঘৰত ৰাখি আহিব বুলি ই- ৰিক্সাত উঠাই লয় আৰু কিবা খোৱা বস্তু খাবলৈ দিয়ে ৷খোৱা বস্তুখিনি খাই ছোৱালী দুজনী অজ্ঞান হৈ পৰে পিছত নাবালিকা দুই গৰাকীক ৰায়মোনা অঞ্চলৰ ঘন অৰণ্যৰ ডায়নায়ামাৰী সমীপত লৈ গৈয় দুই পাষণ্ডই ধৰ্ষণ কৰি লেবেজান কৰি পেলায় ৷তাৰ পিছত দুই পাষণ্ডই নাবালিকা ছোৱালী দুজনীক পুনৰায় ই- ৰিক্সাত উঠাই বাণ্টিঝোৰা গাঁৱত লৈ আনে ৰাতি আঠমান বজাত ৷গাঁৱৰ লোকসকলেনাবালিকা ছোৱালীদুজনীৰ এনে দৃশ্য প্ৰত্যক্ষ কৰি গাঁৱৰ লোকসকলে তৎক্ষণাত শৰাইবিল আৰক্ষী চকীত খবৰ দিয়ে ৷আৰক্ষীয়েও খবৰ পাইয়ে তৎক্ষণাত বাণ্টিঝোৰা গাঁৱত উপস্থিত হৈছোৱালী দুজনীক উদ্ধাৰ কৰি শৰাইবিল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই চিকিৎসা কৰে আৰু এই জঘন্য কাণ্ড সংঘটিত কৰা ৰায়মোনাৰ ৰমিঅ কেৰকেটা (২৪) আৰু অৰ্জুুু নাৰ্জাৰী (৩৫ )ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ইপিনে নাবালিকা ধৰ্ষণ কাণ্ডক সদৌ কুডুষ (উৰাঁও) ছাত্ৰ সন্হা আৰু সদৌ অসম কুডুষ (উৰাঁও ) সাহিত্য সভাই তীব্ৰ ভাষাৰে গৰিহণা দিছে ৷দোষীক দৃষ্টান্ত মূলক শাস্তি প্ৰদানৰ দাবী জনাইছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, সমাজকৰ্মী জিতেন বৰাৰ দেহাৱসান…
- দৰিদ্ৰতাক নেঁওচি জুয়ে পোৰা সোণ হৈ জিলিকিল জামুগুৰিহাটৰ ভৰ্ষিতা
- উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উত্তীৰ্ণ হাৰে ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ কঢ়িয়াই আনিলে আনন্দৰ বন্যা…
- পুত্ৰই আশানুৰূপ ফলাফল অৰ্জন কৰাৰ পাছতো এখন ঘৰত সৃষ্টি হ’ল কান্দোনৰ ৰোল ! পথ দুৰ্ঘটনাত নিহত ৰমেন বিশ্বাস উত্তীৰ্ণ হ’ল প্ৰথম বিভাগত…
- ৰঙিয়াৰ ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সফলতা…
- উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ হাৰত কলা বিজ্ঞান বাণিজ্য শাখাত নিম্ন স্থানত কোন কোন জিলা…
- ৰিয়ান পৰাগে পঢ়া স্কুলৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ ৰেহাই মূল্যৰ বিশেষ টিকট মুকলি…
- উচ্চতৰ মাধ্যমিকৰ ফলাফলত বাণিজ্য শাখাত প্ৰথম স্থানত শিৱসাগৰ জিলা, ভূ-বিজ্ঞান বিষয়ত অসমৰ ভিতৰত প্ৰথম নাজিৰাৰ মেজেঙ্গা কেতেকীবাৰীৰ স্নেহা কুৰ্মী…
- Laapataa Ladiesত অভিনয় কৰা নিতাংশী গোৱেল কোন? যাৰ অভিনয়ে হাজাৰ হাজাৰ দৰ্শকৰ মন মুহিছে…
- আই পি এলঃ ৰাহুলক ককৰ্থনা LSGৰ স্বত্বাধিকাৰ সঞ্জীৱ গোৱেংকাৰৰ! অনুৰাগীৰ খং…