আজি ষঠ পূজা ৷কাতি মাহৰ শুক্লপক্ষৰ ষষ্ঠী তিথিত ষঠ পূজা পালন কৰা হয় ৷ মহাভাৰতৰ দিনৰ পৰাই এই ষঠ পূজা চলি আহিছে ৷ ইয়াৰ সম্পৰ্কে বিভিন্ন কাহিনী আছে৷ ইয়াৰে এটা ইতিহাস মতে, পাণ্ডৱে কৌৰৱৰ লগত জুৱাত বহি ৰাজপাট হেৰুৱাৰ পিছত দ্ৰোপদীয়ে উপবাসে থাকি ষঠ পূজা কৰাৰ পিছত পুনৰ ৰাজপাট ঘূৰাই পাইছলি, তেতিয়াৰ পৰাই এই পূজা পালন কৰা হয় । আৰু অন্য এক পুৰণী কাহিনীমতে ৰজা প্ৰিয়ম্বদ নিঃসন্তান হোৱাত সূৰ্যক পূজা কৰি পুত্ৰ লাভ কৰিছিল, তেতিয়াৰ পৰাও ষঠ পূজা পালন কৰা হয় বুলি কোৱা হয় বুলি লোক বিশ্বাস।এনে বিভিন্ন কাহিনী ষঠ পূজাৰ সম্পৰ্কত আছে ৷ ৷সূৰ্য আৰু ষঠ দেৱীক ভাই ভনী বুলি কোৱা হয়, সেয়ে সূৰ্য দেৱতাক পূজা কৰিলে মনোকামনা পূৰ্ণ হয় বুলি কোৱা হয়৷দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো বিভিন্ন স্থানত ষঠ পূজা পালন কৰা হৈছে ৷ বিশেষকৈ ভোজপুৰী সম্প্ৰদায়ৰ হিন্দু ধৰ্মাৱলম্বীলোকৰ বাবে ই এক পবিত্ৰ পূজা যদিও ইয়াত সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই পবিত্ৰ ষঠ পূজা পালন কৰা পৰিলক্ষিত হৈছে ৷ এই পূজাৰ বিশেষত্ব হৈছে মাৰ যোৱা সূৰ্যক পূজা কৰা হয়৷ অতি ভক্তি আৰু শুদ্ধমনেৰে পবিত্ৰভাবে এই পূজা কৰা হয়৷ পূজাকৰা মহিলাসকলে আগদিনাৰ পৰা এটুপি পানী নোখোৱাকৈ কঠিন ব্ৰত ৰাখে ৷ আবেলি পাচিত বিভিন্ন ফলমূল ধূপ দীপ নৈৱদ্য আদি লৈ ষঠ পূজাৰ ঘাটলৈ ভক্তগণে আহি পশ্চিমত মাৰ যাবলৈ ধৰা সূৰ্যক পূজা অৰ্চনা কৰে৷ সূৰ্য মাৰ যোৱাৰ লগে লগে পূজাৰ সকলো নৈৱেদ্য মুৰত পাচিত লৈ ঘৰ মুখে যাত্ৰা কৰে পুনৰ পিছৰ দিনা সূৰ্য উদয় হোৱাৰ আগতে পূজাৰ স্থলীত উপস্থিত হৈ উদিত সূৰ্যক পূজা কৰে ৷ এই পূজা ভাগ বিভিন্ন ভক্তগণে পূজা স্থলিত সমাগম হয় যদিও চৰকাৰে বান্ধি দিয়া কভিদৰ সকলো SOP মানি অতি উলহমালহেৰে ধুবুৰীৰ মেলা ঘাট, পঞ্চুঘাট, কাছাৰী ঘাট ব্ৰহ্মপুত্ৰ নদী আৰু গদাধৰ নদী পাৰঘাট আদি ঠাইত উখল মাখল পৰিবেশৰ মাজেৰে উদযাপন কৰা হয় ষঠ পূজা।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী…
- উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত বিশিষ্ট আইনজ্ঞ কপিল ছিবাল…
- প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…
- সীতামাঢ়ীত দেৱী সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে, বিহাৰৰ মেগা ৰেলীত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি…
- গাখীৰ চাহ নাখাব! চাহ আৰু কফি সেৱনৰ বাবে দিলে নতুন নিৰ্দেশনা…
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…