অলপতে মুক্তি পাব লগা অসমীয়া কথাছবি “দিঠকত হেৰাল সপোন” ছবিখনৰ কালি এক বিশেষ প্ৰচাৰ অনুষ্ঠান সম্পন্ন হয় চামতাস্হ পশ্চিম নলবাৰী প্ৰেছ ক্লাৱত ।প্ৰেছ ক্লাৱৰ মঞ্চসূৰ্য ধৰনী বৰ্মন সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই বিশেষ ‘প্ৰ’মো’ অনুষ্ঠানত পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া ছবিখনৰ প্ৰযোজক অজিত বৰ্মন আৰু পৰিচালক পংকজ পল্লৱ শৰ্মাই ছবিখন সন্দৰ্ভত বক্তব্য প্ৰদান কৰি ছবিখন আদৰি ল’বলৈ সকলোকে বিনম্ৰ আবেদন জনায় । প্ৰেছ ক্লাৱৰ সভাপতি গণেশ বৰ্মনৰ সঞ্চালনাত আৰু সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনে আঁত ধৰা এই প্ৰচাৰ কাৰ্যসূচীত বিশিষ্ট অভিনেতা হিৰণ্য বৰ্মন, ছবিখনৰ অভিনয় শিল্পী মুকুল দাস, হৰিশ তালুকদাৰ, নাৰায়ণ শীল, সমাজসেৱী যোগেশ তালুকদাৰে “দিঠকত হেৰাল সপোন” – শীৰ্ষক চলচ্চিত্ৰখনে দৰ্শকক সন্তুষ্ট কৰিব পাৰিব বুলি উল্লেখ কৰি শুভেচ্ছামূলক বক্তব্য ৰাখে । অনুষ্ঠানত প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য, উপ সভাপতি দ্বীপেন মেনা, প্ৰাক্তন ছাত্ৰনেতা এম হাছান আলী, অভিনেতা গৌতম বৰ্মন, সাংস্কৃতিক কৰ্মী হিৰণ্য ৰাজ, কণ্ঠশিল্পী তৃষ্ণা শৰ্মা, কবি নিবেদিতা ডিম্পল, সাংবাদিক ৰূপ কুমাৰ শৰ্মা, চাইদুল ইছলাম, পৰাগ দাস প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে । মুক্তিৰ পূৰ্বেই ইতিমধ্যে “কলাকৰি ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল – ২০২১” ৰ মুখ্য শাখাত নমিনেচন লাভ কৰিছে । এইফালে, টেগৰ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিছে । মুক্তিৰ পথত থকা ছবিখনৰ পৰিচালক পংকজ পল্লৱ শৰ্মাই “ইণ্ডিয়ান গ্ল’ৰী এৱাৰ্ড – ২০২১” লাভ কৰাত ছবিখনৰ পৰিয়াল গোষ্ঠীয়ে সন্তোষ প্ৰকাশ কৰিছে । “দিঠকত হেৰাল সপোন”ৰ কাহিনী ৰুদ্ৰকান্ত শৰ্মাৰ । ছবিখনৰ চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা পংকজ পল্লৱ শৰ্মাৰ । সংগীত আৰু গীতৰ কথা অপূৰ্ৱ বেজবৰুৱাৰ আৰু অজিত বৰ্মনৰ । গীতকেইটিত কণ্ঠদান দিছে কণ্ঠশিল্পী অনিমা চৌধুৰী, সুকন্যা গোস্বামী, দেবৰ্চনা কাশ্যপ আৰু অজিত বৰ্মনে । চিত্ৰগ্ৰহণ লক্ষী নাথ আৰু সদা হালৈৰ । ছবিখনত অভিনয় কৰিছে প্ৰবীণ অভিনেত্ৰী মণি বৰা, মুকুল দাস, নাগাৰা নামৰ বিশিষ্ট শিল্পী ৰামচৰণ ভড়ালী, অজিত বৰ্মন, ডাঃ প্ৰণৱ শৰ্মা, দিগন্ত কুমাৰ নাথ, প্ৰাণজিত লোচন শৰ্মা, প্ৰণৱজ্যোতি কলিতা, দিপু কাকতি, পংকজ পল্লৱ শৰ্মা, হৰিশ তালুকদাৰ, দিলজিৎ বৰ্মন, নৃপাল বৰ্মন, চন্দানিকা বৰ্মন, হৃদয় ৰাজ, ভায়োলিনা, আইজনী ডেকা, জিতুমণি ডেকা, দীপা ভট্টাচাৰ্য আদি অভিনয়শিল্পীৰ লগতে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নৱাগতা জৰ্জিয়া মেধিয়ে । ছবিখনৰ মুক্তিৰ দিন ইতিপূৰ্বে ঘোষণাৰ পিছত কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত একাধিকবাৰ স্থগিত ৰাখিব লগা ছবিখন এইবাৰ অহা ডিচেম্বৰ মাহৰ অন্তিম পষেকত মুক্তি দিয়াৰ বাবে যো-জা চলোৱা বুলি প্ৰযোজক গোষ্ঠীয়ে আজি সাংবাদিকক জানিব দিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…