বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত বৃহস্পতিবাৰে জনসাধাৰণৰ মাজত আইনী সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক সুৰ বাহিনী উলিওৱা হয় ৷ বঙাইগাঁও জিলা ন্যায়িক আদালত আৰু কাৰ্যালয় চৌহদৰ পৰা উলিওৱা এই সুৰ বাহিনীৰ জৰিয়তে জিলা আইন সেৱা প্ৰাধিকৰণে জনসাধাৰণক কি কি আইনী সেৱা আগবঢ়ায় সেই সন্দৰ্ভত অৱগত কৰে ৷ সুৰ বাহিনীয়ে গীতৰ জৰিয়তে জনসাধাণক এই সেৱাসমূহৰ বিষয়ে সজাগ কৰে ৷ লগতে ঠায়ে ঠায়ে জনসাধাৰণৰ মাজত গোহাৰি পত্ৰও বিতৰণ কৰে ৷ গোহাৰি পত্ৰত জিলা আইন সেৱা প্ৰাধিকৰণে আগবঢ়োৱা বিনামূলীয়া আইনী সেৱাসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে ৷ উল্লেখ্য যে যোৱা দুই অক্টোৱৰৰ পৰা জিলা আইন সেৱা প্ৰাধিকৰণে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত আগবঢ়াই অহা বিভিন্ন আইনী সেৱাসমূহৰ বিষয়ে লগতে আইনৰ বিভিন্ন দিশ সম্পৰ্কত ১৪ নৱেম্বৰলৈ বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে ৷ এই সুৰ বাহিনী আদালত চৌহদৰ পৰা বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওলৈ উলিওৱা হয় ৷ এই কাৰ্যসূচীত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব তৰুণ দে , প্ৰাধিকৰণৰ সৈতে জড়িত অন্যান্যসকলৰ লগতে অৰ্ধ আইনী স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…
- দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…
- জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…
- চীন-পাকিস্তানক প্ৰত্যাহ্বানঃ নৌসেনাৰ শক্তি বৃদ্ধি কৰি ভাৰতে পৰীক্ষণ কৰিলে এণ্টি-ছাবমেৰিন মিছাইল প্ৰণালী…
- মানুহ মৰি শেষ হৈ যাওক, কংগ্ৰেছৰ কোনো মতলব নাছিল, বিটিআৰত ১৭ বছৰে বিপিএফে অকল হত্যা-হিংসাৰ পৰিৱেশ সৃষ্টি কৰিছিলঃ মন্ত্ৰী পীয়ূষ হাজৰীকা