Breaking

আকাশত এয়া কি!

0 2,036

গুৱাহাটীৰ আকাশত আজি  দৃশ্যমান হৈছে এক আচৰ্যকৰ বগা ৰেখা। এই ৰেখাই কৌতুহল সৃষ্টি কৰিছে মহানগৰবাসীৰ মাজত। মাজ আকাশত সৃষ্টিহৈ বহু দূৰলৈকে দৃশ্যমান হোৱা ৰামধেনু সদৃশ ৰেখাৰ উৎস কি ইয়াকেলৈ চাঞ্চল্য অব্যাহত আছে।ডাৱৰৰ দৰেই বগা বৰণৰ ৰেখাদাল কোনো বিশেষ বিমানৰ পৰা নিৰ্গত ধূৱা বুলি প্ৰথমে ভবা হৈছিল যদিও গুৱাহাটীৰ বিভিন্ন স্হানৰ পৰা একেধৰনেই ৰেখাদাল প্ৰত্যক্ষ হোৱাত এয়া বিমানৰ ধূৱা নহয় বুলি নিশ্চিত কৰিছে বহু অভিজ্ঞ ব্যক্তিয়ে। বৰ্তমান অব্যাহত আছে এই আচৰ্যকৰ ৰেখাৰ উৎসৰ সন্ধান।প্ৰত্যক্ষদৰ্শী কিছুমানৰ মতে এয়া হেনো ইউএফঅ আৰু আন কিছুমানৰ মতে এয়া ৰকেট লঞ্চাৰ নতুবা যুদ্ধ বিমানো হব পাৰে।ইয়াকলৈ বিভিন্ন জনৰ বিভিন্ন মত পৰিলক্ষিত হৈছে। ইয়াকেলৈ চাঞ্চল্য অব্যাহত আছে।

Leave A Reply