ৰাজ্যৰ সাংবাদিক – সংবাদকৰ্মী সকলোৰ অগ্ৰণী সংগঠন জাৰ্ণেলিষ্ট এচোচিয়েছন ফৰ আসাম চমুকৈ জাফাই সংগঠনটোৰ Jafa Achievers Award 2021ৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপকৰ নাম সমুহ ঘোষণা কৰে । জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী , কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এক বিবৃতি যোগে বঁটা প্ৰাপকৰ নাম সমুহ ঘোষণা কৰে । জাফাই এইবাৰ নিৰ্বাচিত কৰা বিভিন্ন শিতানৰ বঁটা প্ৰাপক সকলৰ ভিতৰত চেলেংহাটৰ সমাজ কৰ্মী তথা শৰীৰ চৰ্চাবিদ তুষাৰ পাললৈও বিগত সাত বছৰেও অধিক সময় ড্ৰাগছ আৰু সুৰা বিৰোধী বিভিন্ন কাৰ্যসূচিৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰাপকত নাম অন্তৰ্ভুক্ত হবলৈ পাইছে বুলি জানিব পৰা গৈছে।উল্লেখ্য যে ‘জাফাই’ এইবাৰ বিভিন্ন শিতানত ২৭ গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন শিতানৰ বঁটা প্ৰদানৰে সন্মানিত কৰিব । এই ২৭ গৰাকী বঁটা প্ৰাপকৰ ভিতৰত ২১ গৰাকী সাংবাদিক । অহা ২৮ নবেম্বৰত গুৱাহাটীৰ লাষ্টগেটত থকা লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এই বঁটা সমুহ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…