নাজিৰা মহকুমাৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এঘাৰ নৱেম্বৰত এখন প্ৰাচীৰ পত্ৰিকা “জ্ঞানমালিনী” আৰু এখনি হাতেলিখা আলোচনী “দাপোণ” নাজিৰাৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে উন্মোচন কৰে ৷যোগেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাত মহকুমাধিপতি সব্যসাচী কাশ্যপে সম্প্ৰতি একাংশ অভিভাৱকে ইংৰাজী মাধ্যমত শিশুসকলক পঢ়ুৱাই অসমীয়া কব নাজানে বুলি কোৱাটো অতি দুখজনক বুলি মন্তব্য কৰে ৷ প্ৰাচীৰ পত্ৰিকা আৰু আলোচনীৰ জৰিয়তে ছাত্ৰীসকল লিখা-মেলাৰ লগতে আগন্তুক সময়ত অসমীয়া ভাষা চহকী হব বুলি আশা প্ৰকাশ কৰে ৷ এটি বৰগীতেৰে আৰম্ভ হোৱা সভাৰ আদৰণি ভাষণ দি বিদ্যালয়ৰ অধ্যক্ষ সমৰজিৎ শইকীয়াই বহুদিনীয়া এটি সপোন পূৰণ হোৱা বুলি মন্তব্য কৰে ৷ শিক্ষয়িত্ৰী মঞ্জু ঘৰফলীয়া বড়াই আত ধৰা সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিজয় চন্দ্ৰ বৰা ,দেবেন কোৱৰ ,সাংবাদিক অনন্ত কলিতাই নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ এনে প্ৰচেষ্টাৰ শলাগ লৈ ছাত্ৰীসকলৰ উদ্দেশ্য কৰি বক্তব্য আগবঢ়াই ৷ উক্ত সভাতেই বিদ্যালয়ত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…